NORTHEAST NOW (Assamese)

দুৰ্গা পূজাৰ বাবে SOP জাৰি গুৱাহাটী যান-বাহন আৰক্ষীৰ

October 20, 2023 9:38 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 20, 2023 7:24 pm

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে শাৰদীয় মহোৎসৱ দুৰ্গাপূজা। ব্যাপক আয়োজনেৰে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ পূজা কমিটি সমূহেও অনুষ্ঠিত কৰিছে দুৰ্গোৎসৱ।

এই বিশাল অনুষ্ঠানটোৰ লগতে নিৰাপত্তা আৰু যাতায়ত ব্যৱস্থাক লৈ সৰৱ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন। 

ইয়াৰ মাজতে যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই শুকুৰ বাৰে এক সংবাদমেল সম্বোধন কৰে।

দুৰ্গা পূজা উপলক্ষে মহানগৰীৰ ৰাজপথত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গধুৰ যান-বাহন পুৱা ৪ৰ পৰা ১০বজাত প্রৱেশ কৰিব পাৰিব মহানগৰীত।

২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈকে পুৱা ৪ বজাৰ পৰা পুৱা ১০ বজালৈকেহে গুৱাহাটীত গধুৰ যান-বাহন প্ৰৱেশ কৰিব পাৰিব।

 ইয়াৰ লগতে বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহনৰ ক্ষেত্রতো কিছু নিষেধাজ্ঞা আৰোপ কৰিছে যান-বাহন আৰক্ষীয়ে।

বাণিজ্যিক সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ ক্ষেত্ৰত ছয়চকীয়া আৰু তাৰ ওপৰৰ বাহনসমূহ গুৱাহাটী চহৰৰ অন্তৰ্গত ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিষিদ্ধ কৰা হ’ব। যান-বাহন আৰক্ষীয়ে জনোৱা মতে, অৱশ্যে  চিটি বাছ চলাচল কৰিব পাৰিব।

তদুপৰি সকলো চিটি বাছে মাত্ৰ এমিনিটৰ বাবেহে ষ্টপেজত ৰৈ থাকিব পাৰিব, নহ’লে চিটি বাছৰ বাবে আৰ চি বুক ফাইন বা নন-এফআইআৰ কেচ কৰা হ’ব।

মূৰ্তি বিসৰ্জনৰ বাবে ১২ বজাৰ পৰা বাহনসমূহক পথত চলাচল কৰিবলৈ দিয়া হ’ব। আৰু সেই বাহনসমূহক বিসৰ্জনৰ সময়ত উচ্চ ন্যায়ালয়ৰ কাষেদি কেৱল লাচিত ঘাটলৈ যাবলৈ দিয়া হ’ব।

ইফালে মূৰ্তি বিসৰ্জনৰ বাহনৰ বাবে বি বৰুৱা পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব আৰু মালিগাঁও হৈ পাণ্ডু ঘাটলৈ কোনো যান-বাহন যাবলৈ দিয়া নহ’ব।

Related News