PUBG খেলি থাকোতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল মৰিয়নিৰ ২২ বছৰীয়া যুৱকৰ

কিশোৰ আৰু যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় মোবাইল গেম পাবজিয়ে কাল হ’ল যোৰহাট জিলাৰ মৰিয়নিৰ নকছাৰিৰ এগৰাকী যুৱকৰ বাবে।

নকছাৰী দহোটীয়া গাঁৱৰ অবিনাশ গগৈ নামৰ বাইশ বছৰীয়া এগৰাকী যুৱকে বৃহস্পতিবাৰে নিশা কাণত হেডফোন লাগাই ঘৰৰ সমীপতে থকা ৰে’ল আলিত বহি ম’বাইলত পাবজি খেল খেলি থকা অৱস্থাত ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হয়।

জানিব পৰা মতে, যুৱকজনে কাণত হেডফোন লগাই মোবাইলত পাবজি খেলি থকাৰ সময়তে মালবাহী ৰে’লগাড়ীখন আহি যুৱকজনৰ ওচৰত উপস্থিত হয়।

যুৱকজনে ৰে’লগাড়ীখনৰ উপস্থিতি ধৰিব পাৰি উঠিবৰ বাবে চেষ্টা কৰিছিল যদিও তেতিয়ালৈ বহু পলম হৈ গৈছিল আৰু মালবাহী ৰে’লগাড়ীখনে যুৱকজনক খুন্দা মাৰে।

মোবাইলত পাবজি খেলত নিমগ্ন হৈ থকা বাবেই দুৰ্ভগীয়া যুৱকজনে কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হয়।

বাইশ বছৰীয়া যুৱক গৰাকীয়ে মোবাইলত পাবজি খেলি এনেদৰে ৰে’লৰ খুন্দাত প্ৰাণ দিবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।