NORTHEAST NOW (Assamese)

অসমত ২২৪৩ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.১০ শতাংশ

September 9, 2020 10:40 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

২২৪৩গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.১০ শতাংশ। মঙলবাৰে এই হাৰ আছিল ৭.৪৮ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩১,৫৬২টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ মাজত আছে কামৰূপ মহানগৰৰ ৬৪১, ডিব্ৰুগড়ৰ ১৭০, যোৰহাটৰ ১৪০ আৰু লখিমপুৰৰ ১০৬গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে মুঠ ১,৩৩,০৬৬গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে আৰু ১৮গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৯৬লৈ বৃদ্ধি পাইছে।

বিপৰীতে মঙলবাৰলৈকে ১,০১,২৩৯গৰাকী ব্যক্তিয়ে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

Related News