৭৪ দিন মুম্বাই বিমান বন্দৰত আৱদ্ধ ঘানাৰ ফুটবলাৰ; অৱশেষত হোটেললৈ স্থানান্তৰ

ঘানাৰ ফুটবলাৰ গৰাকী

মুম্বাইৰ বিমান বন্দৰত ল’কডাউনৰ বাবে বিগত ৭৪ দিন আৱদ্ধ হৈ থকা এগৰাকী ফুটবলাৰক অৱশেষত হোটেললৈ লৈ যোৱা হয়।

ৰেণ্ডি জুৱান মুলাৰ নামৰ আফ্ৰিকান দেশ ঘানাৰ ২৩ বছৰীয়া ফুটবলাৰ গৰাকীয়ে ল’কডাউনৰ বাবে বিগত ৭৪ দিন ধৰি মুম্বাই বিমান বন্দৰতে আৱদ্ধ হৈ থাকিবলগীয়া হয়।

এই সময়ছোৱাত বিদেশী ফুটবলাৰ গৰাকীয়ে বিমান বন্দৰৰ বাগিছাত আৰু বিমান বন্দৰৰ কৰ্মী সকলৰ সৈতে মত বিনিময় কৰি সময় অতিবাহিত কৰিছিল বুলি জানিবলৈ দিয়ে।

আনহাতে, মুলাৰে মাজে সময়তে বিমান বন্দৰত থকা দোকানৰ পৰা খোৱা বস্তু ক্ৰয় কৰিছিল।

ফুটবলাৰ গৰাকীয়ে বিমান বন্দৰৰ কৰ্মচাৰী সকলক অতি সহায় পৰায়ণ বুলিও লগতে মন্তব্য কৰে।

উল্লেখযোগ্য যে, ক’ৰনাৰ সংক্ৰমণৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ হৈ থকাৰ বাবে ঘানাৰ ফুটবলাৰ গৰাকীয়ে নিজ দেশলৈ উভতি যাব পৰা নায়।

বৰ্তমান মুম্বাইৰ এখন হোটেলত ফুটবলাৰ গৰাকীক ৰখা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হোৱাৰ পাছতে তেওঁৰ নিজ দেশলৈ যোৱাৰ সকলো ব্যৱস্থা চৰকাৰে কৰিব বুলি জানিব পৰা গৈছে।