NORTHEAST NOW (Assamese)

অসমত ২৩৯৪ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.৩৭ শতাংশ

September 16, 2020 10:37 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

আৰু ২৩৯৪গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.৩৭ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩২,৪৭৮টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৫৬, ডিব্ৰুগড়ৰ ১৮৪, যোৰহাটৰ ১৬১ আৰু গোলাঘাটৰ ১৫৮গৰাকী ব্যক্তি।

এইসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা ১,৪৮,৯৬৮লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

আনহাতে আৰু ১৯গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যাই পাঁচশৰ সীমা অতিক্ৰম কৰিছে।

৫১১গৰাকী ক’ভিড ৰোগীয়ে অসমত বুধবাৰলৈকে প্ৰাণ হেৰুৱাইছে।

অসমজুৰি বিভিন্ন জিলাত ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বিপৰীতে ১,১৬,৯০০গৰাকী ব্যক্তিয়ে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ মঙলবাৰলৈকে চিকিৎসালয় এৰিছে।

Related News