NORTHEAST NOW (Assamese)

কোকৰাঝাৰত দিনজোৰা কাৰ্যসূচীৰে ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী

May 27, 2018 10:00 pm · ৰিনয় বসুমতাৰী

কোকৰাঝাৰ চহৰৰ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয় কৰ্তৃপক্ষই ৰূপালী জয়ন্তী উৎসৱ পালন কৰে। দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ সমূহ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এটা সাংস্কৃতিক সমদলো বাহিৰ কৰা হয়।

ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি বিদ্যালয় কৰ্তৃপক্ষই বাহিৰ কৰা সমদলটো বিদ্যালয় চৌহদৰ পৰা আৰম্ভ হৈ জেডি পথৰ মাজেৰে গৈ শান্তি নগৰ পথ হৈ সমদলটো পুনৰ বিদ্যালয় চৌহদলৈ ঘূৰি আহে। সমদলটোত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলে ‘বেটী বাচাও বেটী পঢ়াও’ আৰু ‘প্ৰকৃতি বচাওক’ আদি বিভিন্ন শ্লোগান সম্বলিত বেনাৰ, পোষ্টাৰেৰে কোকৰাঝাৰ চহৰৰ জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰে।

ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডেমিনেন বসুমতাৰীয়ে সংবাদ কৰ্মীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত কয় যে বিদ্যালয়ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি ৰূপালী জয়ন্তী উদযাপন কৰিছো।

অধ্যক্ষগৰাকীয়ে আৰু কয় যে বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত ২৫ সংখ্যক বিদ্যালয় প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিৰ কৰা সমদলটোৰ জৰিয়তে আমি ‘বেটী পঢ়াও বেটী বাচাও’, ‘পৰিৱেশ ৰক্ষা কৰক’ আদিৰ লগতে অন্যান্য বহুতো বিষয় সম্পৰ্কে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰিছো।

বৰ্তমান প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে কেৱল একাডেমিক শিক্ষা আহৰণ কৰাতে ব্যস্ত থাকিব নালাগে। ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃতি সুৰক্ষাৰ দায়িত্ব বুজি সমাজত এজন ভাল নাগৰিক হৈ জীয়াই থাকিবলৈ উৎসাহ যোগোৱাৰ উদ্দেশ্যে সমদলটোৰ জৰিয়তে আমি চেষ্টা কৰিছো বুলি বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে।

Related News