NORTHEAST NOW (Assamese)

প্ৰয়াগৰাজত ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ যান-জঁট! শ্বাহী স্নানৰ অন্তিম পৰ্যায়ৰ পূৰ্বে অৱৰুদ্ধ ঘাইপথ

February 23, 2025 1:07 pm · এন ই নাও নিউজ, গুৱাহাটী

শ্বাহী স্নানৰ অন্তিম ৰাউণ্ডৰ পূৰ্বে তীৰ্থযাত্ৰীৰ ভিৰ চম্ভালিবলৈ সমগ্ৰ উত্তৰ প্ৰদেশত নিৰাপত্তা কটকটীয়া কৰা হৈছে। পণ্ডিত দীনদয়াল উপাধ্যায় ৰেল ষ্টেচন নিৰাপত্তাৰ মাজত আবদ্ধ হৈ পৰিছে। ৰাইজৰ হেঁচাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বৃহৎ বাহিনী মোতায়েন কৰা হৈছে।

ৰেলপথত তীৰ্থযাত্ৰীৰ হুলস্থুলৰ উপৰিও পথত যান-জঁট সহ্য কৰিবলগীয়া হৈছে তীৰ্থযাত্ৰীসকলে। ছুটিৰ দিনটোৰ বাবে পথেৰে প্ৰয়াগৰাজত উপস্থিত হৈছে বহু লোক। ফলত শনিবাৰৰ পৰা বাট-পথত যান-জঁট বৃদ্ধি পাবলৈ ধৰিলে। স্থানীয় সূত্ৰৰ তথ্য অনুসৰি দেওবাৰে পুৱা ২৫ কিলোমিটাৰ অতিক্ৰম কৰিছিল যান-জঁট। সপ্তাহৰ এই দুটা দিন শনিবাৰ আৰু দেওবাৰে তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। ২৬ ফেব্ৰুৱাৰীত হব শ্বাহী স্নানৰ অন্তিম পৰ্যায়। আৰু কাকতলীয়াকৈ সেইদিনা কুম্ভৰ অন্ত পৰিছে। ফলত শ্বাহী স্নানৰ অন্তিম পৰ্যায়ৰ বাবে প্ৰয়াগৰাজত উপস্থিত হৈছে বৃহৎ সংখ্যক তীৰ্থযাত্ৰী।

পথেৰে অহা তীৰ্থযাত্ৰীসকলে কেইবা কিলোমিটাৰ যান-জঁটৰ খবৰ দিছে। গোটেই ৰাতিটো গাড়ীতে কটাবলগীয়া হল৷ দেওবাৰে পুৱা আৰু অধিক বৃদ্ধি পালে যান-জঁট। ফলত যান-জঁটৰ আশংকা বাঢ়িছে। আনহাতে পণ্ডিত দীনদয়াল উপাধ্যায় ষ্টেচনতো তীৰ্থযাত্ৰীৰ ভিৰ বাঢ়িছে। বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ড, ওড়িশা আৰু উত্তৰ-পূব ৰাজ্যৰ পৰা ৰেলযোগে অহা তীৰ্থযাত্ৰীসকলৰ বাবে এই ষ্টেচন কুম্ভলৈ যোৱাৰ এক গুৰুত্বপূৰ্ণ দ্বাৰ। কোৱা বাহুল্য যে শনিবাৰ, দেওবাৰ, আৰু শ্বাহে স্নানৰ আশে-পাশে এই ষ্টেচনৰ ওপৰত চাপ বৃদ্ধি পাব। যাৰ বাবে ৰেলৱেই আগতীয়াকৈ নিৰাপত্তা কটকটীয়া কৰিছে।

Related News