উত্তৰ প্ৰদেশৰ পিছত এইবাৰ বিজেপি শাসিত ৰাজ্য হাৰিয়ানাত গণধৰ্ষণ : ৪ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

2020_10$largeimg_421374606

বিজেপি শাসিত ৰাজ্য উত্তৰ প্ৰদেশৰ হাথৰাছৰ গণধৰ্ষণ কাণ্ডৰ দেশ জুৰি অব্যাহত থকা চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ বিজেপি শাসিত অন্য এখন ৰাজ্য হাৰিয়ানাত সংঘটিত হৈছে অন্য এক গণধৰ্ষণৰ কাণ্ড।

হাৰিয়ানাৰ সম্ভ্ৰান্ত এলেকা গুৰগাঁৱত সংঘটিত হৈছে এই জঘন্য কাণ্ডটো।

ঘটনাৰ বিৱৰণীৰ মতে হাৰিয়ানাৰ গুৰগাঁৱৰ ডিএলএফ ফেজ টু(DLF Phase 2) এলেকাৰ ছিকন্দৰপুৰৰ মেট্ৰ’ ষ্টেশ্যনৰ সমীপত শনিবাৰে সন্ধিয়া এগৰাকী ২৫ বছৰীয়া যুৱতীক চাৰিজন যুৱকে ধৰ্ষণ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰে।

ষ্টেশ্যনত অকলে ৰৈ থকা যুৱতী গৰাকীক কৰণ গোৱেল নামৰ যুৱকজনে সমীপৰ এটা কাৰ্যালয়লৈ লৈ যায় আৰু তাত পূৰ্বৰে পৰা খাপ পিটি ৰৈ থকা অন্য তিনি অভিযুক্তৰ সৈতে কৰণ গোৱেল নামৰ যুৱকজনেও ধৰ্ষণ কৰে যুৱতী গৰাকীক।

আৰক্ষীৰ মতে যুৱতী গৰাকীক চাৰি অভিযুক্তই ধৰ্ষণ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰো কৰে। যুৱতী গৰাকীৰ শৰীৰত ক্ষত চিহ্ন স্পষ্ট হৈ আছে।

ইফালে কান্দোন শুনা পাই কমপ্লেক্সটোৰ নিৰাপত্তাৰক্ষীয়ে উক্ত কাৰ্যালয়টোৰ পৰা ধৰ্ষিতা যুৱতী গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে যুৱতী গৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱায় আৰু ধৰ্ষিতা যুৱতী গৰাকীৰ জবানবন্দীৰ ভিত্তিত ধৰ্ষণকাৰীৰ বিৰুদ্ধে অভিযান চলাই চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।