মেঘালয় ষ্টেইট লীগৰ শুভাৰম্ভ কৰিলে মুকুল চাংমায়ে

মেঘালয়ৰ ফুটবলৰ দেশৰ ভিতৰতে এটা সুকীয়া স্থান আছে। মেঘালয়ৰ লাজং ক্লাবক দেশৰ ফুটবল প্ৰেমী মাত্ৰেই জানে। ফুটবলৰ এই সুকীয়া স্তৰ স্পৰ্শ কৰাত মেঘালয় ৰাজ্যিক লীগ (মেঘালয় ষ্টেইট লীগ)ৰ বলিষ্ঠ ভূমিকা আছে। এই মেঘালয় ষ্টেইট লীগৰ ২০১৭-১৮ বৰ্ষৰ প্ৰতিযোগিতা ১২ ডিচেম্বৰত শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰাজ্যখনৰ মুখ্য মন্ত্ৰী মুকুল চাংমাই এই লীগৰ শুভাৰম্ভ কৰে। তেওঁ উদ্বোধনী অনুষ্ঠানটোত নিজৰ বক্তব্যত কয় যে মেঘালয় ষ্টেইট লীগে ফুটবলৰ মাজেৰে মেঘালয়ক অন্য এটা স্তৰলৈ লৈ যাব আৰু ই এটা নতুন মাইলৰ খুঁটি স্থাপন কৰিব। তেওঁ লগতে কয় যে মেঘালয়বাসীক ফুটবলৰ সৈতে থকা তেওঁলোকৰ স্বপ্ন আৰু মাদকতা উপলব্ধি কৰাত আৰু বিশ্বৰ ফুটবল প্ৰেমীৰ সৈতে সম্পৰ্ক স্থাপনৰ সুযোগ দিয়াৰ ক্ষেত্ৰত মধ্যস্থতা কৰিবলৈ পায় মেঘালয় চৰকাৰ সুখী। মিছন ফুটবলৰ মাজেদি চৰকাৰে টুৰ্নামেণ্টখনলৈ সমৰ্থন দি যাব বুলি কৈ তেওঁ কয় দেশৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা ধৰণৰ ফুটবলাৰ তৈয়াৰ কৰিবলৈ হ’লে ফুটবলৰ বাবে ৰাজ্যখনত আন্তঃগাঁথনি উন্নত কৰিব লাগিব। মুখ্য মন্ত্ৰীজনৰ সৈতে অনুষ্ঠানটোত ভাগ লোৱা মেঘালয় ফুটবল এছ’চিয়েশ্যনৰ সভাপতি লাৰ্চিং এম ছৱিয়ানে কয় ৰাজ্যখনত প্ৰতিযোগিতামূলক ফুটবলক শক্তিশালী কৰাৰ উদ্দেশ্য লৈয়ে মেঘালয় ষ্টেইট লীগৰ জন্ম দিয়া হৈছিল। মেঘালয় ষ্টেইট লীগ হ’ল মিছন ফুটবলৰ এটা অংগ, যি ৰাজ্যখনৰ বিভিন্ন ঠাইত থকা ফুটবল লীগবোৰক উৎসাহিত কৰে। ই নৱ ফুটবল প্ৰতিভাবোৰক নিজকে দাঙি ধৰিবলৈ এখন মঞ্চ দিয়াৰ উপৰি প্ৰশিক্ষক, ৰেফাৰি আদিক সংস্থাপনো দিছে। উল্লেখযোগ্য যে এইবাৰ এই ষ্টেইট লীগত খাচি, জয়ন্তীয়া আৰু গাৰো পাহাৰৰ পৰা মুঠ ২০ টা দলে প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিছে। খেলবোৰ ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।