নীতিন গাডকাৰিৰ সৈতে অসমৰ পথ যোগাযোগ বিষয়ত আলোচনা মুখ্য মন্ত্ৰীৰ

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ পথ যোগাযোগ বিষয়টো আলোচনা কৰিবলৈ নতুন দিল্লীত দেশৰ পথ পৰিৱহণ, ৰাষ্ট্ৰীয় পথ আৰু জল পৰিৱহণ মন্ত্ৰ্যালয়ৰ মন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হয়। এই আলোচনা কালত মুখ্য মন্ত্ৰীজনে অসম চৰকাৰে ৰাজ্যিক ৰাজধানী অঞ্চল প্ৰতিষ্ঠাৰ বাবে গুৱাহাটী মহানগৰীৰ পৰিসৰ বৃদ্ধি কৰিবলৈ লোৱাৰ কথা অৱগত কৰে। লগতে তেওঁ ৰাজ্যিক ৰাজধানী অঞ্চলটোৰ যোগাযোগ উন্নত কৰিবৰ বাবে এটা বৃত্তপথ নিৰ্মাণৰ প্ৰস্তাৱ আগ বঢ়ায়। কেন্দ্ৰীয় মন্ত্ৰীজনে এই প্ৰস্তাৱত সন্মত হোৱা বুলি জানিব পৰা গৈছে। আৰু মুখ্য মন্ত্ৰীজনক প্ৰস্তাৱিত বৃত্তপথটোৰ বাবে মাটি আবণ্টন দিবলৈ কয়।

মুখ্য মন্ত্ৰীয়ে এই মাটি আবণ্টনৰ বাবে পদক্ষেপ ল’ব বুলি কৈ কয় যে এই বৃত্তপথটো হ’লে মহানগৰীত হোৱা যানজঁটৰ সমস্যা নোহোৱা হ’ব। লগতে কয় যে মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চলৰ উন্নয়নতো ই সহায় কৰিব। বৈঠকৰ মাজতে মুখ্য মন্ত্ৰীয়ে গাডকাৰিক ডিচেম্বৰৰ ২৯ তাৰিখে মাজুলীৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে লোৱা ২৩৭ কোটি টকীয়া আঁচনিখন উন্মোচন কৰিবলৈও আমন্ত্ৰণ জনায়। কেন্দ্ৰীয় মন্ত্ৰীজনে এই আমন্ত্ৰণ গ্ৰহণ কৰে।

আনহাতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণৰ বিষয়টোৱেও আলোচনাত ঠাই পায়। বৈঠকৰ সময়ত মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া আৰু বিত্ত বিভাগৰ প্ৰধান সচিব ৰবি কোতাও উপস্থিত আছিল।