কাইলৈৰ পৰা মাজুলীত ৰাজ্যিক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ; অসম বন্ধৰ পৰা ৰেহাই দিবলৈ আয়োজকৰ অনুৰোধ
কাইলৈ অৰ্থাৎ ২৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ মাজুলীত অনুষ্ঠিত হ’ব ২৬ সংখ্যক ৰাজ্যিক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ।
অসমৰ প্ৰতিখন জিলাৰে প্ৰতিনিধিক সামৰি প্ৰায় ৩০০ শিশু বিজ্ঞানীৰ লগতে তেওঁলোকৰ বিজ্ঞান গুৰুসকলে অংশগ্ৰহণ কৰিব লগা ৰাজ্যিক পৰ্যায়ৰ এই বাৰ্ষিক সমাৰোহখন সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
ৰাজ্যৰ বিজ্ঞান চৰ্চাৰ বাতাৱৰণৰ উত্তৰণৰ লগতে শিশু বিজ্ঞানীসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰে আয়োজিত এই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণৰ বাবে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা শিশু বিজ্ঞানী, বিজ্ঞান গুৰু, কৰ্মকৰ্তা তথা প্ৰতিনিধিসকল কাইলৈ মাজুলীত আহি উপস্থিত হোৱাৰ কথা।
কিন্তু একেটা দিনতে ৰাজ্যৰ ৪৬টাকৈ জাতীয় সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ কাৰ্যসূচীয়ে এতিয়া সমাৰোহখনৰ অভ্যৰ্থনা সমিতিৰ যথেষ্ট চিন্তিত কৰি তুলিছে।
এই সম্পৰ্কত অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা ২১ অক্টোবৰত এক বিবৃতিৰ জৰিয়তে অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক ড০ নাৰায়ণ শৰ্মা আৰু প্ৰশান্ত দোলাকাষৰীয়াই সমাৰোহলৈ আহিবলগীয়া শিশু বিজ্ঞানীকে ধৰি প্ৰতিখন জিলাৰ প্ৰতিনিধি দলসমূহক এই বন্ধৰ পৰা সম্পূৰ্ণ ৰেহাই দিবলৈ সংগঠন সমূহৰ নেতৃবৰ্গক বিনম্ৰ অনুৰোধ জনাইছে।