ৰাজ্যত আজিৰ দিনটোত কোভিডে কাঢ়ি নিলে ১২ জনকৈ লোকৰ প্ৰাণ

কলিয়াবৰত ২৭ ,তামুলপুৰ মহকুমাত পুনৰ বাৰ গৰাকী লোক কোভিড পজিটিভ

images.jpeg-11(2)

প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যত আজি কোভিডত মৃত্যু ঘটিছে ১২ জনকৈ লোকৰ। আজিৰ দিনটোত ৰাজ্যত কোভিত আক্ৰান্ত হৈছে মুঠ ২৩৮৪ গৰাকী লোক।

আজি ৰাজ্যত সম্পন্ন কৰা হয় ৭২৪০৫ টা কোভিড পৰীক্ষা।ৰাজ্যত পজিটিভিটিৰ হাৰ হৈছে ৩.২৯শতাংশ।

ইপিনে কলিয়াবৰত ২৭ জন লোক  আক্ৰান্ত হৈছে কোভিড-১৯ত।

জখলাবন্ধা চিকিৎসালয়ত কৰা টেষ্টত আজি ৯জন লোক আক্ৰান্ত হয় কোভিডত। ইয়াৰে এগৰাকী কন্যা শিশু আক্ৰান্ত হৈছে কোভিডত।

ইফালে চিমনাবস্তি চিকিৎসালয়ৰ কোভিড চেন্টাৰৰ সৈতে জড়িত আন চাৰিটা কোভিড টেষ্ট কেন্দ্ৰত কৰা টেষ্টত ১৮ জন লোক আক্ৰান্ত হয় কোভিডত।

আটাইকেইগৰাকী আক্ৰান্তকে বৰ্তমান হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে।

এই পৰ্যন্ত কলিয়াবৰত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৫৩ লৈ বৃদ্ধি পালে।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ কুমাৰীকাটা অঞ্চলত নতুনকৈ পাঁচ গৰাকী, তামুলপুৰত তিনি গৰাকী আৰু নাগ্ৰীজুলিত ২ গৰাকী লোকৰ দেহত আজি ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰে। কুমাৰীকাটা অঞ্চলৰ লোক পাঁচ জন হ’ল ক্ৰমে এন কে দৰঙ্গামেলাৰ ৰাজশ্ৰী আগৰবালা (২২), ৰিছভ আগৰৱালা (২৬), পৱন কুমাৰ আগৰৱালা ( ৫২), সন্তোষী আগৰৱালা (৪৭) আৰু দহ বছৰীয়া দীপা ৰাণা ।

আজি দুদিনমান ধৰি সন্তোষী আগৰৱালা নামৰ মহিলা গৰাকী জ্বৰ আৰু কাহত ভুগি থকাত তেওঁ পৰিয়ালৰ আন সদস্যৰ সতে ক’ভিড টেষ্ট কৰিবলৈ আহোতে তেওঁলোকৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰে।

ইফালে কুমাৰীকাটাৰেই খৈৰাণী গাঁওত আজি স্বাস্থ্য বিভাগৰ লোক গৈ উপস্থিত হয় আৰু কেইবাগৰাকীও লোকৰ কোভিড পৰীক্ষা কৰে। পৰীক্ষাৰ অন্তত গাঁওখনৰ মিলন কাৰ্কী (৩৩) আৰু চন্দ্ৰ কলা কাৰ্কীৰ কভিড টেষ্ট কৰোৱাত তেওঁলোকৰ দেহত কভিড পজিটিভ ধৰা পৰে ।

ইফালে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি ক’ভিড-১৯ টেষ্ট কৰাত তিনিজন লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে। লোক তিনিজন হ’ল চাৰাংবাৰী গাঁৱৰ প্ৰসন্ন মহন্ত (৬০), বাৰেইগাঁওৰ গিৰীন্দ্ৰ বৈশ্য (৫৫ ) আৰু তেওঁৰ পত্নী প্ৰণিতা বৈশ্য (৪৭) ।

নাগ্ৰীজুলিতো আজি দুজন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে। লোকদুজন সিদ্ধি নাথ পুৰৰ জ্যোতিকা সিংহা (২১) আৰু আনজন প্ৰিয় কান্ত মণ্ডল(৩৬)‌।

বৰ্তমানলৈ তামুলপুৰ মহকুমাৰ বিভিন্ন ঠাইত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ সাত চল্লিশ জন হ’লগৈ। ইয়াৰে এজনে ১০ এপ্ৰিলত মৃত্যুবৰণ কৰাৰ বিপৰীতে আন চৈধ্যজন লোকৰ শেহতীয়া পৰীক্ষাত কোভিড নিগেটিভ ওলায়।

বৰ্তমানলৈ ক’ভিডত সক্ৰিয় হৈ আছে ৩২ জন।