মাজুলী জিলাৰ পৰীক্ষা কেন্দ্ৰসমূহতো এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুনিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে মাজুলী জিলা প্ৰশাসন আৰু জিলা মাধ্যমিক শিক্ষা বিভাগে।
এই সম্পৰ্কত বিভিন্ন দিশসমূহ পৰ্যালোচনাৰ বাবে আজি মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই এখন সভা অনুষ্ঠিত কৰে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত জিলাখনৰ সকলো পৰীক্ষাকেন্দ্ৰৰ তত্বাৱধায়ক, সহকাৰী তত্ত্বাৱধায়ক আৰু পৰীক্ষা কেন্দ্ৰ থকা শিক্ষানুষ্ঠানৰ মূৰব্বীসকলৰ লগতে আৰক্ষী থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক মিলিত হৈ পৰীক্ষা কেন্দ্ৰসমূহৰ সুৰক্ষা ব্যৱস্থা, চি চি টি ভি স্থাপনকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত আলোচনা কৰে।
উল্লেখযোগ্য যে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাজুলীত ১২টা পৰীক্ষাকেন্দ্ৰত মুঠ ২,৭৬১ গৰাকী পৰীক্ষাৰ্থী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ১৩টা কেন্দ্ৰত মুঠ ১,৯৪৫গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।
আজিৰ বৈঠকত মাজুলীৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, বিদ্যালয়সমূহৰ পৰিদৰ্শিকা ড০ শুভলক্ষ্মী ৰাজকুমাৰী, মাজুলীৰ বিদ্যালয়সমূহৰ ভাৰপ্ৰাপ্ত উপ-পৰিদৰ্শক তথা নিৰ্বাচন বিষয়া মগেন নৰহ আৰু আৰক্ষী উপ-অধীক্ষক পুনমজিৎ নাথেও অংশগ্ৰহণ কৰে।