সুখী জীৱনৰ স্বাদ লাভ কৰিব কেতিয়া! চাণক্যই দিছে তিনিটা পথৰ সন্ধান

Chanakya Niti

ভাৰতীয় সমাজ জীৱনত আচাৰ্য চাণক্যই এক বিশেষ স্থান দখল কৰি আহিছে। চাণক্যৰ ধ্যান-ধাৰণা তথা তেওঁৰ পৰামৰ্শ ভাৰতীয় সমাজত বৰ্তমানপৰ্যন্ত প্ৰাসংগিক হৈ। তেওঁৰ এই চিন্তা-চৰ্চাৰে পৰিচালিত হৈ কোনো ব্যক্তিয়ে নিজ জীৱনক সফলতাৰ শিখৰলৈ লৈ যাব পাৰে।

আচাৰ্য চাণক্যই মানুহক নিজৰ জীৱনত সফলতা প্ৰাপ্তিৰ বাবে কিছুমান বিশেষ উপদেশ প্ৰদান কৰি গৈছে। এগৰাকী ব্যক্তিয়ে নিজৰ জীৱনটোক কিদৰে সুখী স্বাচ্ছন্দ্যৰে ভৰপূৰ কৰি তুলিব পাৰে, অৰ্থাৎ কিদৰে জীৱনটো সুখী কৰি তুলিব পাৰে, সেই সম্পৰ্কে কিছু কথা উল্লেখ কৰি গৈছে।

ব্যক্তিৰ সুখী জীৱন প্ৰাপ্তি সন্দৰ্ভত আচাৰ্য চাণক্যই কৈছে যে সুখী জীৱন প্ৰতিগৰাকী মানুহৰ হেঁপাহ, কিন্তু মানুহক অনেক ভ্ৰমে আগুৰি আছে, তাৰ ফান্দৰ পৰা ওলাই অহা সকলে কেতিয়াও দুখৰ সন্মুখীন হ’ব নালাগে। চাণক্য নীতিত সুখী জীৱনৰ ৩ টা মৌলিক মন্ত্ৰৰ কথা উল্লেখ কৰা হৈছে-

সন্তুষ্টি হৈছে সুখী জীৱনৰ প্ৰাথমিক মন্ত্ৰ

সন্তুষ্টি সুখৰ সমাৰ্থক। প্ৰতিটো পৰিস্থিতিত সন্তুষ্ট হৈ থকা ব্যক্তি এগৰাকী কেতিয়াও দুখী হ’ব নোৱাৰে। এনে মানুহৰ জীৱনত সুখ ভৰপূৰ হৈ থাকে। সমস্যা আহি থাকে আৰু গৈ থাকে আৰু যিসকলে ইতিবাচক চিন্তাৰে সমস্যাৰ সন্মুখীন হয়, তেওঁলোকে নিশ্চিতভাৱে সফলতা লাভ কৰে।

চাণক্যই কৈছে যে, আনৰ সুখত নিজৰ সুখ বিচাৰি উলিয়াবলৈ চেষ্টা কৰক, ইয়াৰ ফলশ্ৰুতিত আপুনি নিজে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে। সুখী হৈ থাকিলে আনকো সুখ দিব পাৰিব।

সুস্বাস্থ্যৰ চিন সুখী জীৱন

সুস্বাস্থ্য মানৱ জীৱনৰ ৰত্ন। দৈনিক ব্যায়াম, সুষম খাদ্যাভ্যাসেই হৈছে সুস্থ আৰু সুখী জীৱনৰ ৰহস্য। চাণক্যৰ মতে অসুস্থ ব্যক্তিয়ে জীৱনত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। অসুস্থ ব্যক্তিৰ জীৱন সংগ্ৰামেৰে ভৰপূৰ, এই সংগ্ৰামত তেওঁ সুখ উপভোগ কৰিব নোৱাৰে।

নিজৰ ওপৰত বিশ্বাসে প্ৰতিটো সমস্যাৰ সমাধান কৰিব

আত্মবিশ্বাস এনেকুৱা এক গুণ, যাৰ সহায়ত ডাঙৰ ডাঙৰ কাম সহজে কৰিব পৰা যায়। যদি ব্যক্তিৰ নচজৰ ওপৰত বিশ্বাস থাকে, তেতিয়া বিফলতাৰ ভয়ে তেওঁক কেতিয়াও আমনি নকৰে। সেয়ে চাণক্যই নিজৰ কৰ্ম আৰু সততাক বিশ্বাস কৰিবলৈ পৰামৰ্শ দিছে।

আচাৰ্য চাণক্যই সেয়ে কৈছে, “নিজৰ ওপৰত বিশ্বাস ৰাখক, অসুবিধাৰ পৰা কেনেকৈ ওলাই আহিব পাৰি সেই বিষয়ে চিন্তা কৰক।”