বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

নাৰক’টিকছ কণ্ট্ৰল ব্যুৰো (এনচিবি)য়ে সোমবাৰে জানিবলৈ দিয়া মতে, সংস্থাটোৱে বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিছে।

মুম্বাই আৰু গোৱাৰ পৰা আটক কৰা লোককেইজনৰ দুজনেই বিদেশীমুলীয়।

তদুপৰি লোককেইজনৰ পৰা বিভিন্নধৰণৰ নিচাজাতীয় দ্ৰব্যও উদ্ধাৰ কৰা হৈছে বুলি সংস্থাটোৱে জনাইছে।

সংস্থাটোৰ মুম্বাই আৰু গোৱাৰ অনুসন্ধানকাৰী দল দুটাৰ নিজা নিজা অভিযানত লোককেইজনক আটক কৰা হয়।

বিদেশী লোক দুজনক মুম্বাইৰ পৰা আটক কৰাৰ বিপৰীতে গোৱাৰ পৰা আনজন লোক হেমন্ত শ্বাহ ওৰফে মাহাৰক আটক কৰা হয়।

উক্ত লোক তিনিজনে অনুজ কেশ্বানী আৰু ৰেগাল মাহাকালৰ জৰিয়তে অভিনেতাজনক নিচাজাতীয় দ্ৰব্যসমূহ যোগান ধৰিছিল।

ইতিমধ্যে কেশ্বানী আৰু মাহাকালক আটক কৰা হৈছে।

সংস্থাটোৰ এজন বিষয়াই সংবাদ মাধ্যমত দিয়া ভাষ্য অনুসৰি গোৱাৰ বিভিন্ন স্থানত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য উদ্ধাৰ কৰি চোৰাং ব্যৱসায়ীসকলক আৰক্ষী জিম্মাত লোৱা হৈছে।

উল্লেখযোগ্য যে অভিনেতা সুশান্ত সিং ৰাজপুতক যোৱা বছৰ জুনত মুম্বাইস্থিত তেওঁৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত পোৱা গৈছিল।

মুম্বাই আৰক্ষীয়ে অভিনেতাজনে আত্মহত্যা কৰা বুলি জনাইছিল।

পাছত কেচটো চিবিআইক প্ৰদান কৰা হয়।