বিহাৰত অঘটন: প্ৰশিক্ষণৰত সেনাৰ মৰ্টাৰে প্ৰাণ ল’লে তিনি গাঁওবাসীৰ, গুৰুতৰভাৱে আহত তিনিগৰাকী

Killed In Bihar

বিহাৰৰ গয়া জিলাত আজি পুৱতি নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গয়াস্থিত ভাৰতীয় সেনাৰ শিবিৰত সেনাৰ প্ৰশিক্ষণৰ সময়ত বিস্ফোৰণ ঘটোৱা এক মৰ্টাৰ চেল লক্ষ্যভ্ৰষ্ট হৈ কাষৰীয়া গাঁৱত পৰাৰ ফলত তিনিগৰাকী সাধাৰণ লোকৰ মৃত্যু হয়।

গয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আশীষ ভাৰতীয়ে জানিবলৈ দিয়া মতে, গয়াৰ গুলাৰভেদ গাঁৱত এই ঘটনা সংঘটিত হৈছিল। লক্ষ্যভ্ৰষ্ট হোৱা মৰ্টাৰ চেলটোৰ বিস্ফোৰণৰ ফলত গাঁওখনৰ ছয়গৰাকী লোক আহত হৈছিল।

আহত ব্যক্তিকেইগৰাকীক তাৎক্ষণিকভাৱে গয়াৰ অনুগ্ৰহ নাৰায়ণ মগধ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাৰ ফলত এগৰাকী মহিলাসহ আহত তিনিগৰাকী ব্যক্তিৰ কিছুসময় পিছতে মৃত্যু হয়।

দুগৰাকী মহিলাকে ধৰি আন তিনিগৰাকীৰো অৱস্থা সংকটজনক বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে। তেওঁ লগতে তদন্তৰ বাবে আৰক্ষীৰ এটা দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে বুলি সদৰী কৰে।