মেঘালয়ৰ ৩টা চিমেন্ট কোম্পানীয়ে বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ ‘দান’ দিছে ৪.২২কোটি টকা

fundfromcement-1

মেঘালয়ৰ চূণ শিলৰ ভাণ্ডাৰ ‘খনন’ কৰি চিমেন্ট উৎপাদন কৰা তিনিটা কোম্পানীয়ে হৈছে বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ ‘সৰ্ববৃহৎ বৰঙণি’ দাতা।

সূত্ৰসমূহে কয় যে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত চূণশিলৰ ভাণ্ডাৰ দখল কৰা আৰু চিমেন্ট উৎপাদন গোট স্থাপন কৰা টপচেম চিমেন্ট, ষ্টাৰ চিমেন্ট আৰু অমৃত চিমেন্টে বিজেপিক ২০১৮-১৯ত ৪.২২কোটি টকা বৰঙণি দিছে।

উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ উৎপাদনকাৰী ষ্টাৰ চিমেন্টে গেৰুৱা দলটোক দুটা কিস্তিত আদায় দিয়াৰ বিপৰীতে অমৃত চিমেন্টে এটা কিস্তিত আদায় দিছে তেওঁলোকৰ ধন।

টপচেম চিমেন্ট ব্ৰেণ্ডৰ উৎপাদনকাৰী মেঘালয় চিমেন্ট লিমিটেডে বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ তিনিটা কিস্তিত ধন আদায় দিছে।

ষ্টাৰ চিমেন্টে ২.৬৮কোটি টকা আৰু টপচেম চিমেন্টে ১.৩৮ কোটি টকা বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ আদায় দিয়াৰ বিপৰীতে অমৃত চিমেন্টে ২১ লাখ টকা আদায় দিয়া বুলি সূত্ৰসমূহে জানিবলৈ দিছে।

উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ প্ৰম’চন নীতিৰ অধীনত সুবিধা লাভ কৰি টপচেম চিমেন্ট আৰু আন দুটা কোম্পানীয়ে যিসময়ত মেঘালয়ৰ বৃহৎ চূণশিলৰ ভাণ্ডাৰ ‘খনন’ কৰিছে, সেই সময়ত নিৰ্বাচিতভাৱে বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ কিয় বৰঙণি আগবঢ়াইছে সেয়া আশ্চৰ্যজনক।

যদিও বিজেপিয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰক নেতৃত্ব দিছে, গেৰুৱা দলটো মেঘালয়ত ‘লেখত লবলগীয়া’ শক্তি নহয়। ৰাজ্যখনত বিজেপিৰ মাত্ৰ দুজনহে বিধায়ক আছে।

তথ্য অনুসৰি, টপচেম চিমেন্ট, ষ্টাৰ চিমেন্ট আৰু অমৃত চিমেন্টে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচনী পুঁজিলৈ কোনো বৰঙণি দিয়া নাই।

কোম্পানী তিনিটাই য়ু ডি পি, কেএইচএনএএম বা এইচ এছ পিডিপিকে ধৰি মেঘালয়ৰ ৰাজ্যিক ৰাজনৈতিক দললৈ বৰঙণি আগবঢ়োৱাৰো কোনো তথ্য নাই।

মেঘালয়ৰ তিনিটা চিমেন্ট কোম্পানীয়ে বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ বৰঙণি আগবঢ়োৱাৰ বিশদ তথ্যই নিশ্চিতভাৱে আঞ্চলিক ৰাজনৈতিক দলবোৰক আৰু শক্তিশালী সংগঠনবোৰক ক্ষুব্ধ কৰি তুলিব।

কেইবাটাও গোটৰ একত্ৰিত সংগঠন কনফেডাৰেশ্যন অফ মেঘালয় ছচিয়েল অৰ্গেনাইজেশ্যন (CoMSO)য়ে মেঘালয়ত আন্ত:ৰাজ্যিক পাৰপত্ৰ ৰূপায়ন দাবী তুলি আহিছে আৰু বিষয়টোত বিজেপিৰ ‘নল-তলং’ স্থিতিত সন্তুষ্ট নহয়।

যোৱা বছৰৰ ১৯ ডিচেম্বৰত মেঘালয় বিধানসভাত ৰাজ্যখনৰ খিলঞ্জীয়া নাগৰিকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আন্ত:ৰাজ্যিক পাৰপত্ৰ ৰূপায়ন কৰিবলৈ কেন্দ্ৰক আৰ্জি জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

আন্ত:ৰাজ্যিক পাৰপত্ৰৰ বিষয়টোত CoMSOৰ যিদৰে বিজেপিৰ সৈতে বিৰোধ আছে, মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ জনসাধাৰণ টপচেম  চিমেন্ট আৰু ষ্টাৰ চিমেন্ট কোম্পানী দুটাক লৈ সন্তুষ্ট নহয়।

টপচেম  চিমেন্ট আৰু ষ্টাৰ চিমেন্ট ওৱাহ লুখা আৰু ওৱাহ লুনাৰ নদীদুখন প্ৰদূষিত কৰাৰ বাবে অভিযুক্ত।

প্ৰকৃততে, ব্যাপক মাত্ৰাৰ প্ৰদূষণৰ বাবে ওৱাহ লুখা ‘গভীৰ নীলা’ লৈ ৰূপান্তৰিত হৈছে আৰু খাচী ছাত্ৰ সন্থাই বিষয়টো ৰাজ্য চৰকাৰৰ সন্মুখত তুলি ধৰিছে।

খাচী ছাত্ৰ সন্থাই ওৱাহ লুখাৰ ৰং সলনি হোৱাৰ মূল কাৰণ চিনাক্ত কৰিবলৈ তথা সমস্যাটো সমাধান কৰিবলৈ মেঘালয় চৰকাৰক তিনি সপ্তাহৰ সময়সীমা বান্ধি দিছে।

ইয়াৰ মাজতে, টপচেম চিমেন্টে ৰাজ্যখনৰ খিলঞ্জীয়া জনজাতীয় জনসাধাৰণক ‘লুণ্ঠন’ৰ অভিযোগত অভিযুক্ত হৈছে।

টপচেম চিমেন্ট ব্ৰেণ্ডৰ নামত ইয়াৰ চিমেন্ট বিক্ৰী কৰা মেঘালয় চিমেন্ট কোম্পানী লিমিটেডে মেঘালয়ৰ জনজাতীয় লোকসকলক প্ৰতি বেগ চিমেন্ট ‘অধিক দৰত’ বিক্ৰী কৰি আছে।

দেখা গৈছে যে শ্বিলং আৰু জোৱাইৰ গ্ৰাহকসকলে প্ৰতি বেগ টপচেম চিমেন্ট ৪০ৰপৰা ৬০ টকা অধিক দৰত ক্ৰয় কৰি আছে।

অসমত প্ৰতি বেগ টপচেম চিমেন্টৰ দাম ৩৯০ টকাৰ ৪২০ টকাৰ ভিতৰত য’ত মেঘালয়ত এই দাম ৪৪০টকাৰ পৰা ৪৫০ টকা।

মেঘালয় চৰকাৰে ইতিমধ্যে চিমেন্টৰ দামৰ ‘তাৰতম্য’ৰ বিষয়টোৰ এক তদন্ত কমিটি গঠন কৰিছে। মেঘালয়ৰ কনজিউমাৰ এফেয়াৰ্ছৰ সচিব প্ৰবীণ বক্সীয়ে তদন্ত কমিটিখনৰ নেতৃত্ব দিছে।