এন পি পিৰ পৰা গাৰো পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ উপাধ্যক্ষৰ পদত্যাগ

গাৰো পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ উপাধ্যক্ষ মেত্ৰিনছন জি মমিনে আজি এন পি পিৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ লগতে তেওঁ ঘোষণা কৰে যে অহা বিধানসভা নিৰ্বাচনত তেওঁ ৰংজেং সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। মমিনে অভিযোগ কৰামতে তেওঁক দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনত টিকট দিয়াৰ সম্ভাৱনা নাই। গতিকে তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। দলে তেওঁৰ ঠাইত জিম চাংমাক টিকট দিয়াৰ পৰিকল্পনা কৰিছে। উল্লেখযোগ্য যে মমিন ইষ্ট গাৰো পাহাৰৰ ডাৰোগ্ৰেৰ পৰা জিলা পৰিষদৰ সদস্য আছিল। তেওঁ দলীয় টিকটৰ এজন প্ৰধান দাবীদাৰ আছিল আৰু সেই বিশ্বাসতে তেওঁ দলৰ মঞ্চৰ পৰাই নিৰ্বাচনী অভিযানো আৰম্ভ কৰিছিল। কিন্তু শেষ মুহূৰ্তত তেওঁ দলীয় টিকট নোপোৱাৰ সম্ভাৱনা দেখি আজি পদত্যাগ কৰে। তেওঁ দলৰ পৰা পদত্যাগ কৰাত এতিয়া এন পি পিত মাথোঁ আঠজনহে জিলা পৰিষদৰ সদস্য থাকিল। অৱশ্যে যদিও মমিনে ৰংজেং সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত উঠাৰ কথা ঘোষণা কৰিছে, এইবুলিও খবৰ ওলাইছে যে তেওঁ মুখ্য মন্ত্ৰী মুকুল চাংমাৰ সৈতেও যোগাযোগ কৰি আছে। তেওঁ কংগ্ৰেছ দলৰ পৰা টিকট লোৱাৰ চেষ্টা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ক্ষেত্ৰত দুটা কথাই বিশেষ স্থান লাভ কৰিছে। প্ৰথম কথা হ’ল তেওঁ কংগ্ৰেছ দলৰ পৰাই তেওঁ এন পি পি দললৈ আহিছিল। আৰু দ্বিতীয় কথা হ’ল ৰংজেং সমষ্টিৰ বৰ্তমানৰ কংগ্ৰেছী বিধায়ক চেংনাম মাৰাক তেওঁৰ দুৰ্বল পাৰদৰ্শিতাৰ বাবে এইবাৰ টিকট নোপোৱাৰ সম্ভাৱনা প্ৰকট। আনহাতে ৰংজেং সমষ্টিৰ ৰাজনৈতিক মণ্ডলৰ এটা সূত্ৰই এন ই নাওক কয় যে মমিন ৰংজেং সমষ্টিৰ নিকটৱৰ্তী খাৰকুট্টা সমষ্টিৰ বিধায়ক চেৰাক মমিনৰ সৈতেও সঘন যোগাযোগত আছে। জানিব পৰামতে খাৰকুট্টা সমষ্টিৰ বিধায়কজনে মমিনৰ হৈ মুখ্য মন্ত্ৰী মুকুল চাংমাৰ লগতে মেঘালয় প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াক এইটো পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে যে জি মমিনেই ৰংজেং সমষ্টিৰ বাবে উপযুক্ত প্ৰাৰ্থী হ’ব।