বিগত দুবছৰত অসমত সংঘটিত হৈছে ৩১৬ টা যৌতুকৰ বাবে মৃত্যুৰ ঘটনা

DYkf5qbU8AA1PjE

প্ৰতিনিধিত্বমূলক ফটো

বিগত দুবছৰত অসমত যৌতুকৰ বাবে ৩১৬ গৰাকী মহিলাৰ মৃত্যু হৈছে। তদুপৰি, এই সময়ছোৱাত যৌতুকজনিত কাৰণত মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ ২,১৮৫টা গোচৰ ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাত ৰুজু হৈছে। অসম বিধানসভাত সোমবাৰে এই তথ্য সদৰী কৰিছে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

এই সন্দৰ্ভত আটাইতকৈ বেছি ঘটনা সংঘটিত হৈছে বৰপেটা জিলাত। ২০১৭চনত ২২টা যৌতুকজনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ লগতে জিলাখনত বিগত বৰ্ষত ২৫ টা যৌতুকত মৃত্যুৰ ঘটনা সংঘটিত হৈছে। উক্ত দুবছৰত জিলাখনত যৌতুক প্ৰতিৰোধ আইন,১৯৬১ৰ অধীনত সৰ্বাধিক ৬৭০টা গোচৰ পঞ্জীয়ন কৰা হৈছে।

আনহাতে, মহানগৰীত ২০১৭ চনত ৯টা আৰু বিগত বৰ্ষত ৫টা যৌতুকজনিত মৃত্যুৰ ঘটনা সংঘটিত হৈছে। যৌতুকজনিত ঘটনা বেছি হোৱা জিলাকেইখনৰ ভিতৰত আছে দক্ষিণ শালমাৰা, লখিমপুৰ, কামৰূপ আৰু শোণিতপুৰ।

ইপিনে, মন্ত্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়ে যে মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ ঘটনা নিৰীক্ষণ তথা অনুসন্ধানৰ বাবে ২০১৮ত অপৰাধ অনুসন্ধান শাখাৰ এগৰাকী বিশেষ আৰক্ষী অধীক্ষকৰ অধীনত এটা ৰাজ্যিক পৰ্যায়ৰ মহিলা গোট গঠন কৰা হৈছিল।

তদুপৰি, এনেধৰণৰ ঘটনা মোকাবিলা কৰিবলৈ আৰক্ষী থানাসমূহত পৰিয়াল কাউন্সেলিং চেন্টাৰ গঠন কৰা হৈছে। আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক এনেধৰণৰ ঘটনা প্ৰতিৰোধৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু এনে ঘটনাৰ মোকাবিলা কৰাৰ বাবে আৰক্ষীসকলক প্ৰশিক্ষণ আগবঢ়োৱা হৈছে। ইয়াৰ উপৰি ২৪ঘন্টাই মহিলা হেল্পলাইন নম্বৰ ১৮১ মুকলি থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।