৩২৪ গৰাকী ক’ভিড চাফাই কৰ্মীক নিযুক্তিৰ প্ৰতিশ্ৰুতি দি পাহৰিলে নেকি মুখ্যমন্ত্ৰীয়ে?‎

বিজেপি চৰকাৰৰ মুঠ সাত বছৰীয়া তথা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ দুবছৰীয়া বৰ্ষপূৰ্তিত চৰকাৰখনৰ বিফলতাসমূহ উদঙাই আপ অসমে প্ৰস্তুত কৰি উলিয়াইছে এখন পুস্তিকা।

কালি এখন সংবাদ মেল আয়োজন কৰি এই পুস্তিকাখন উন্মোচন কৰে আপ, অসমৰ নেতৃত্বই।

বৰ্তমানৰ চৰকাৰখনক ধাৰত পোত যোৱা চৰকাৰ আখ্যা দি কি কি ক্ষেত্ৰত বিজেপি চৰকাৰখন ব্যৰ্থ হৈছে, সেয়া বৰ্ণনা কৰা হৈছে এই পুস্তিকাখনত। মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক ব্যৰ্থ মুখ্যমন্ত্ৰী আখ্যা দিয়াৰ লগতে ভুৱা প্ৰতিশ্ৰুতিৰ সম্ৰাট আখ্যা দিছে দলটোৱে।

এই সন্দৰ্ভত আপৰ উপ-সভাপতি জিতুল  ডেকাই কয় যে এই চৰকাৰ হৈছে প্ৰতিশ্ৰুতিৰ চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা প্ৰতিশ্ৰুতিৰ সম্ৰাট। প্ৰতিশ্ৰুতি দি পাহৰে মুখ্যমন্ত্ৰীয়ে। COVIDৰ সময়ত ১৩২৪ গৰাকী নিবনুৱা যুৱকক চাফাই কৰ্মী হিচাপে নিয়োগ কৰি পৰৱৰ্তী সময়ত তেওঁলোকক স্থায়ী নিযুক্তি  দিয়াৰ নিশ্চিত প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ক’ভিড শেষ হোৱাৰ পাছত তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি পাহৰিলে মুখ্যমন্ত্ৰীজনে।

নিজৰ জীৱনৰ কথা নাভাবি COVIDৰ সময়ত চাফাই কাম কৰিছিল এই সকল নিবনুৱা যুৱকে। কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি কেতিয়া ৰূপায়ন কৰিব তাৰ বাবে বাট চাই আছে তেওঁলোকে। বাইহাটা চাৰিআলিৰ ভৱেশ ডেকা নামৰ এজন যুৱক COVIDৰ চাফাই কামত নিয়োজিত হৈ থকা সময়তে নিজ কন্যাৰ মৃত্যু হৈছিল। কিন্তু এই কামত নিয়োজিত হোৱাৰ বাবে মৃত্যুৰ সময়তো কন্যাৰ মুখ দেখাৰ সৌভাগ্য হোৱা নাছিল ভৱেশ ডেকাৰ।

জিতুল ডেকাই কয় প্লাজমা দিয়া লোকসকলকো নিযুক্তিৰ ক্ষেত্ৰতো বিশেষ অগ্ৰাধিকাৰ দিব বুলি প্ৰতিশ্ৰুতি দিছিল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে। কিন্তু প্লাজমা দিয়া কিমানজনক এই সুবিধা চৰকাৰে দিলে সেয়া ৰাজহুৱা কৰাৰ দাবী জনায় আপৰ উপ-সভাপতিগৰাকীয়ে।