NORTHEAST NOW (Assamese)

ৰাজ্যত সোমবাৰে নতুনকৈ ক’ৰ’না আক্ৰান্ত ৩২৬৬ গৰাকী, মৃত্যু ১০ গৰাকী লোকৰ

August 31, 2020 11:16 pm · এন ই নাও নিউজ

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহ ৰূপ অব্যাহত আছে।

আজি ৰাজ্যত পুনৰ ১০ গৰাকী লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে এই কথা প্ৰকাশ কৰে।

আজি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোক কেইগৰাকী হৈছে ক্ৰমে- ডিব্ৰুগড়ৰ গেপেশ্বৰ সেনাপতি(৬৩), বিধান পল(৫৭), দিলীপ কুমাৰ ভট্টাচাৰ্য্য(৭৭), গোপীলাল সাহা(৬৯) আৰু দেবেস মুখাৰ্জী(৫০), তিনিচুকীয়াৰ চুৰামণি জয়শ্ৰী(৫৯), কামৰূপ মেট্ৰ’ জিলাৰ খগেন চন্দ্ৰ কলিতা(৮০), ফুলজান বেগম(৫০), তুতুমণি দেৱনাথ(৬০) আৰু শিৱসাগৰৰ ৰোহিম খান(৫৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃত্যু হোৱা আটাইকেইগৰাকী লোকৰ পৰিয়ালবৰ্গলৈ গভীৰ শোক ব্যক্ত কৰে।

আনহাতে, অসমত আজি পুনৰ ৩২৬৬ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ ফলত ৰাজ্যত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১,০৯,০৪০ গৰাকীলৈ বৃদ্ধি পায়।

আজি ক’ৰ’না পৰীক্ষা সম্পন্ন কৰা মুঠ ৪৪৯৪৮ টা নমুনাৰ ভিতৰত ৩২৬৬ গৰাকী লোকৰ শীৰৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

Related News