ৰাজ্যত ৮৩১ গৰাকীলৈ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।
এই মুহূৰ্তত ৩৩ গৰাকীকৈ লোকৰ দেহত পোৱা গৈছে ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।
ইয়াৰে ১০ গৰাকী নগাওঁ, ৮ গৰাকী কামৰূপ মেট্ৰো, ৭ গৰাকী কাছাৰ, এগৰাকী হোজাই, এগৰাকী ডিমা হাছাও, দুগৰাকী কৰিমগঞ্জ, দুগৰাকী হাইলাকান্দি, দুগৰাকী কোন ঠাইৰ নিশ্চিত হোৱা নাই।
বৰ্তমান ৭৩৭ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৮৭ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷
এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷
টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
📌Alert ~ 33 new cases of #COVID19+
10 Nagaon, 8 Kamrup-M, 7 Cachar, 1 each Hojai/Dima Hasao, 2 each Karimganj/Hailakandi, 2 to be ascertained
↗️Total cases 831
↗️Recovered 87
↗️Active cases 737
↗️Deaths 04Update 2:50 pm / May 28 / Day's total as of now 48#AssamCovidCount pic.twitter.com/BApw611La9
— Himanta Biswa Sarma (@himantabiswa) May 28, 2020
কিছু সময় পূৰ্বে ১৫ গৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।
ইয়াৰে ১১ গৰাকী কামৰূপ মেট্ৰো’, ৩ গৰাকী ডিব্ৰুগড় আৰু এগৰাকী লখিমপুৰ।
কালিৰ দিনটোত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।
যোৱা ২৬ মেত ১৩৪ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।
উল্লেখযোগ্য যে, যোৱা ২৫ মেত ৰাজ্যত ১৫৬ গৰাকী লোক কোভিড-১৯ পজিটিভ ত আক্ৰান্ত হৈছিল।
যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।
যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।
২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।
ৰাজ্যত এসপ্তাহৰ ভিতৰত পাঁচ শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।
যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।
ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।
উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৭৫৮ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।