মণিপুৰৰ ৩৩ বছৰীয়া যুৱক হ’লগৈ দাৰ্জিলিঙৰ নতুন সাংসদ

33 year-old youth from Manipur is Darjeeling’s new MP

ৰাজু বিস্তা। ছবি সৌজন্য-- Businessworld.in

মণিপুৰৰ কাংপকি জিলাৰ ৩৩ বছৰীয়া যুৱক ৰাজু বিস্তা নিৰ্বাচিত হৈছে দাৰ্জিলিঙৰ নতুন সাংসদৰূপে।

বিজেপিয়ে বিস্তাক দাৰ্জিলিঙৰ প্ৰাৰ্থীৰূপে ঠিয় কৰোৱাত বহুলোক আচৰিত হৈছিল। কিন্তু পশ্চিম বংগৰ ৰাজনৈতিকভাৱে প্ৰতিকূল পাহাৰীয়া জিলাখনৰ বাবে মণিপুৰৰ গোৰ্খা যুৱকজনক বিচাৰি উলিওৱাব পৰাকৈ স্মাৰ্ট আছিল গেৰুৱা দলৰ নেতাসকল।

বিজেপিয়ে তৰুণ প্ৰাৰ্থীজন আগবঢ়োৱাৰ কাৰণ আছিল সাংসদৰূপে গেৰুৱা দলটোৰ প্ৰবীন নেতা সুৰিন্দৰজিত সিং আহলুৱালিয়াৰ প্ৰদৰ্শনত গোৰ্খা জনমুক্তি মৰ্চা আৰু গোৰ্খা নেচনেল লিবাৰে’চন ফ্ৰন্তৰ দৰে ৰাজনৈতিক শক্তি সন্তুষ্ট নাছিল।

স্থানীয় গোৰ্খা প্ৰাৰ্থীৰ অভাৱত ৰাজু বিস্তাই একধৰণৰ ৱাইল্দ কাৰ্দ এন্ত্ৰিৰ দৰে সমষ্টিটোৰ প্ৰাথিত্ব লাভ কৰে।

কাৰ্য্যত আৰ এচ এচৰ পৰামৰ্শত ৰাজুক বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। তেওঁ আৰ এচ এচৰ এগৰাকী পুৰণি কৰ্মী, আৰু সংঘ পৰিয়ালত তেওঁ যোগ দিছিল ১৯৯৮ চনত।

ৰাজনৈতিক প্ৰতিদ্বন্দ্বিসকলে তেওঁক “বহিৰাগত” বুলি ইতিকিং কৰিলেও, ৰাজু বিস্তাই তৃণমূল প্ৰাৰ্থী অমৰ সিং ৰাইক বৃ্হৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে।

ৰাজনীতিত যোগ দিয়াৰ পূৰ্বে বহুজাতিক কাম্পেনি সূৰ্য্য ৰশনি লিমিটেদৰ পৰিচালন সঞ্চালকৰূপে কৰ্মৰত আছিল।

নৰেন্দ্ৰ মোদীৰ “আদৰ্শ গ্ৰাম যোজনা”ৰ নিষ্ঠাৱান অনুগামী বিস্তা এগৰাকী সমাজকৰ্মী, আৰু চত্তিশগড়ৰ বহু জনজাতীয় গাওঁ আগবঢ়াই নিয়াৰ বাবে তেওঁ এলানি উন্নয়নমূলক কাম হাতত হৈছিল।