৩০ ডিচেম্বৰৰ পৰা অসম প্ৰকাশন পৰিষদৰ ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা

ফাইল ফটো

অসম প্ৰকাশন পৰিষদৰ ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা অহা ৩০ ডিচেম্বৰ, ২০২০ৰ পৰা ১০ জানুৱাৰি, ২০২১-লৈ বাৰদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে চান্দমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব।

কোভিড-১৯ মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ সাৱধনতা অৱলম্বন কৰি গ্ৰন্থমেলাৰ কাৰ্য্যসূচী সমূহ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে  বুলি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে।

এই ক্ষেত্ৰত প্ৰয়োজনীয় চৰকাৰী অনুমতিৰ বাবে ইতিমধ্যে সকলো যোগাযোগ আৰম্ভ কৰা হৈছে বুলিও কলিতাই উল্লেখ কৰে।

৩০ নৱেম্বৰ, ২০২০-ৰ পাছত কোভিড-১৯-ৰ কাৰণে আৰোপ কৰা বাধা-নিষেধ বহুখিনি শিথিল হ’ব আৰু গ্ৰন্থমেলা আয়োজন কৰাৰ বাবে আপেক্ষিকভাৱে অনুকূল পৰিবেশ আহিব বুলিও কলিতাই আশা প্ৰকাশ কৰে।

ইতিমধ্যে পৰিষদে গ্ৰন্থমেলা আয়োজনৰ সকলো প্ৰস্তুতি আৰম্ভ কৰিছে আৰু ১৫ ডিচেম্বৰৰ পৰা চান্দমাৰি খেলপথাৰত মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে, গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব খোজা প্ৰকাশক তথা গ্ৰন্থ বিপণীসমূহে ১ ডিচেম্বৰৰ পৰা যোগদানৰ আৱেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব।

আৱেদনকাৰীসকলে অসম প্ৰকাশন পৰিষদৰ কাৰ্য্যালয়ৰ পৰা নতুবা পৰিষদৰ ৱেবছাইট www.publicationboardassam.com-ৰ পৰাও এই আৱেদন পত্ৰ ডাউনলোড কৰিব পাৰিব।

উচ্ছুক প্ৰকাশক তথা গ্ৰন্থ বিপণীসমূহে অহা ১০ ডিচেম্বৰ ২০২০-ৰ ভিতৰত পৰিষদৰ কাৰ্য্যালয়ত আৱেদনপত্ৰ জমা দিব লাগিব। ডাকযোগে প্ৰেৰণ কৰা আৱেদন পত্ৰ গ্ৰহণৰ অন্তিম তাৰিখ ১২ ডিচেম্বৰ, ২০২০।

উল্লেখযোগ্য যে, কোভিড-১৯ মহামাৰী আৰু ল’কডাউনৰ ফলত গ্ৰন্থ ব্যৱসায়ীসকলৰ ব্যৱসায়িক দিশত হোৱা বৃহৎ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব খোজা প্ৰকাশক তথা গ্ৰন্থ বিপণী আৱণ্টনৰ নিৰিখৰ ক্ষেত্ৰত কিছু ৰেহাই প্ৰদান কৰাৰ চিন্তাও পৰিষদে কৰিছে।