ৰাজ্যত নতুনকৈ ৩৫জন কোভিড-১৯ ৰোগী চিনাক্ত; আক্ৰান্তৰ সংখ্যা ৪২৭লৈ বৃদ্ধি

ফটো হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ পৰা সংগৃহীত

অসমত আজি ৩৫ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে, ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ৪২৭ জনলৈ বৃদ্ধি পায়।

আজি চিনাক্ত হোৱা লোক কেইজনৰ ১৮জন গোলাঘাটৰ, কোকৰাঝাৰৰ ৬জন, ৫জন কৰিমগঞ্জৰ, ২ জন তিনিচুকীয়াৰ, ২জন শিৱসাগৰৰ, এজন যোৰহাট আৰু এজন ধেমাজিৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এই কথা জানিবলৈ দিয়ে৷

উল্লেখযোগ্য যে ধেমাজীৰ লোকজন জিলাখনৰ প্ৰথমজন ক’ৰ’না আক্ৰান্ত ৰোগী৷

ৰাজ্যত বৰ্তমানলৈকে ৫৭জন ৰোগীক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে। ৩৬৩জন ৰোগী বৰ্তমান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৪জনৰ মৃত্যু হয়।

কালি অৰ্থাৎ দেওবাৰৰ দিনটোত কোভিদ-১৯ ত আক্ৰান্ত মুঠ ৪৬ গৰাকী লোক ধৰা পৰিছিল আৰু শনিবাৰে ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’নাৰ উপস্থিতি পোৱা গৈছিল।