কাজিৰঙাত নিৰ্মাণ হ’ব ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেঁতু

kaziranga-national-park Time's UP: Assam returns Rs.24.57 crore to centre for failing to execute livelihood project

প্ৰতীকী ছবি।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ এনিমেল কৰিড’ৰত নিৰ্মাণ হ’ব ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণীয়া সেঁতু।

৫ ছেপ্টেম্বৰত দিচপুৰৰ মুখ্য মন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত ৰাজ্যিক বন্যপ্ৰাণী পৰিষদ বৈঠকত এই বিষয়ত সিদ্ধান্ত গ্ৰহণৰ পিছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উৰণীয়া সেঁতু নিৰ্মাণত অনুমোদন জনায়।

মুখ্য মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াকে ধৰি কেইবাগৰাকীও বিধায়ক আৰু বহুকেইজন উচ্চপদস্থ প্রশাসনিক বিষয়া আৰু পৰিষদৰ সদস্য সকল উপস্থিত আছিল।

বিধায়ক মৃণাল শইকীয়াই সাংবাদিকৰ আগত উল্লেখ কৰে যে বন্যপ্ৰাণী পৰিষদৰ এই বৈঠকত মুম্বাইৰ ৱাডিয়া টেকন’ ইঞ্জনিয়াৰিং ছাৰ্ভিচ প্রাইভেট লিমিটেড নামৰ এটা প্রতিষ্ঠানক এনিমেল কৰিডৰত হ’ব লগা উৰণীয়া সেঁতু নির্মাণৰ প্রাক্কলন (ডি পি আৰ) প্রস্তুত কৰিবলৈ দায়িত্ব দিয়া হৈছে।

উল্লেখযোগ্য যে অক্টোবৰ মাহৰ ভিতৰত এই প্ৰাক্ কলন সম্পূর্ণ কৰিব প্ৰতিষ্ঠানটোয়ে ৷ ইয়াৰ বিনিময়ত মুম্বাইৰ উক্ত প্রতিষ্ঠানটোক ৩.৭৬ কোটি টকা অসম চৰকাৰে প্ৰদান কৰিব।

উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে ব্যয় হ’ব ২,৬২৫ কোটি টকা। উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য হ’ব ৩৫.৮২০ কিলোমিটাৰ আৰু প্ৰস্থ হ’ব ১১ মিটাৰ।

বিধায়ক শইকীয়াই জনোৱা অনুসৰি চলিত বৰ্ষৰ শেষৰ ফালে বা ২০২০ চলৰ প্ৰথমভাগতেই উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।