পুনৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল

earthquake-1580261390-750x375

প্ৰতিনিধিত্বমূলক ফটো।

নিশা পুনৰ এক ভূমিকম্পৰ জোকাৰণিয়ে কঁপাই থৈ গ’ল গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল।

সোমবাৰে নিশা ১বাজি ২৮ মিনিট ৩১ ছেকেণ্ডত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.৪ মেগনিটিউড।

ভূমিকম্পটোৰ উৎপত্তিস্থল  ভূপৃষ্ঠৰ ৫.০ কি. মি. গভীৰতাত বুলি জানিব পৰা গৈছে।

এই ভূমিকম্পৰ ফলত কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।

উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহক সঘনাই জোকাৰি গৈছে সৰু-বৰ ভূমিকম্পই।

যোৱা শনিবাৰে সন্ধিয়াও নামনি অসমত এটা মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।

শনিবাৰে সন্ধিয়া ৮ বাজি ১৮ মিনিট ৩৮ ছেকেণ্ডত অনুভূত হোৱা ভূমিকম্পটোৰ ফলত কোনো ক্ষয়ক্ষতি নহ’ল।

ৰিখটাৰ স্কেলত ৩.৮ প্ৰাবল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল বঙাইগাওঁ।

ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল ভূপৃষ্ঠৰ ১০ কি. মি. গভীৰতাত।

আনহাতে, দেওবাৰে পুৱা মিজোৰামক জোকাৰি গৈছিল আন এক ভূমিকম্পই। পুৱা ৭.২৮ বজাত অনুভূত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৪.৬।

মিজোৰামত প্ৰায়ে ভূমিকম্প হৈ থকাৰ কথাই চিন্তিত কৰি তুলিছে ৰাজ্য খনৰ বাসিন্দাসকলক।

নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল চাম্ফাইৰ ভূ-গৰ্ভৰ ৪৫ কিলোমিটাৰ অভ্যন্তৰত।