গণ সংক্ৰমণৰ আশংকা; বোকাখাতত কাপোৰ বিপনীৰ চাৰিজন কৰ্মচাৰী ক’ভিড-১৯ত আক্ৰান্ত

-Delhi-becomes-Indias-coronavirus-

প্ৰতিনিধিত্বমূলক চিত্ৰ

যোৱা ৯ জুলাইত বোকাখাত নগৰৰ এখন ঔষধৰ দোকানৰ এগৰাকী গ্ৰাহক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাছতেই নগৰখনত গণ সংক্ৰমণৰ আশংকা কৰি বিহিত ব্যৱস্থা লোৱাৰ উপৰি দোকানখনৰ চিকিৎসক, স্বত্ত্বাধিকাৰ আৰু কৰ্মচাৰী সকলক কোৱাৰেন্টাইন কৰা হৈছিল৷

ইয়াৰ পাছত ৩০ জুলাইৰ সন্ধিয়া বোকাখাত নগৰৰ মোৰাৰকা ব্ৰাদাৰ্চ নামৰ কাপোৰৰ বিপনী এখনৰ চাৰিজন লোকৰ শৰীৰত ক’ভিড-১৯ ৰ সংক্ৰমন পোৱা গৈছে৷

বিপনীখনৰ স্বত্ত্বাধিকাৰ সন্তোষ মোৰাৰকা, শ্ৰৱন মোৰাৰকা আৰু প্ৰশান্ত মোৰাৰকাৰ লগতে বিপনীখনৰ কৰ্মচাৰী অৰ্জুন লাল শৰ্মাৰ শৰীৰত ক’ভিড ১৯ ৰ সংক্ৰমণ পোৱা গৈছে৷

ইয়াৰ পাছতেই আজি পুৱাৰ পৰাই মোৰাৰকা ব্ৰাদাৰ্চ নামৰ বিপনীখন বন্ধ কৰি কনটেইনমেন্ট কৰাৰ লগতে মোৰাৰকা পৰিয়ালৰ লগতে অৰ্জুন লাল শৰ্মাৰ পৰিয়ালক কোৱাৰেন্টাইন কৰি ক’ভিড-১৯ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বোকাখাতৰ মহকুমা প্ৰশাসনে৷

ইফালে কভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত চাৰিওজনকে ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷

মন কৰিব লগীয়া যে বোকাখাত নগৰৰ মাজ মজিয়াত অৱস্থিত মোৰাৰকা ব্ৰাদাৰ্চ নামৰ কাপোৰৰ বিপনীখনত ৩০ জুলাই সন্ধিয়ালৈকে ক্ৰয় বিক্ৰয় চলি আছিল৷

বহু গ্ৰাহকে কালি সন্ধিয়ালৈকে উক্ত দোকানৰ পৰা কাপোৰ ক্ৰয় কৰিছিল৷ যাৰ বাবে এই দোকানৰ পৰা আৰু বহুত লোক ক’ভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে৷

ইয়াৰে পটভুমিত চহৰখনত পৌৰপ্ৰশাসন আৰু মহকুমা প্ৰশাসনে আৰম্ভ কৰিছে ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা।