ত্ৰিপুৰাত C(A)A বিৰোধী প্ৰতিবাদী সমদলত বিজেপিৰ আক্ৰমণ; ৪০ গৰাকী প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত

CPIM worker

আঘাতপ্ৰাপ্ত চি পি আই-এম কৰ্মী

ত্ৰিপুৰাৰ উদয়পুৰত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদত অংশলোৱাৰ সময়ত মঙলবাৰে বিজেপি কৰ্মীয়ে চলোৱা আক্ৰমণত প্ৰায় ৪০ গৰাকী চি পি আই-এম কৰ্মী আহত হয়।

মঙলবাৰে চি পি আই-এম কৰ্মীসকলে ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰত নাগৰিকত্ব (সংশোধনী) আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল।

হঠাৎ কিছুসংখ্যক বিজেপি কৰ্মীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰী সকলৰ ওপৰত আক্ৰমণ চলাই আৰু এই আক্ৰমণত প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিক, প্ৰাক্তন বিধায়ক মাধৱ চাহাকে ধৰি প্ৰায় ৪০ গৰাকী চি পি আই-এম কৰ্মী আহত হয়।

বিজেপি কৰ্মীৰ আক্ৰমণৰ পাছতো চি পি আই-এম কৰ্মীসকলে প্ৰতিবাদ অব্যাহত ৰাখে।

প্ৰতিবাদী সমদলৰ সময়ত চি পি আই-এম কৰ্মীসকলে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ ব্যক্তিগতকৰণ নীতিৰো বিৰোধিতা কৰে।

প্ৰাক্তন বিধায়ক ৰতন ভৌমিকে জনোৱা মতে তেওঁলোকে ডিচেম্বৰৰ ২৩ তাৰিখে প্ৰতিবাদী সমদল বাহিৰ কৰাৰ অনুমতি বিচাৰি আৰক্ষীলৈ পত্ৰ পঠিয়াইছিল।

কিন্তু আৰক্ষীৰ তৰফৰ পৰা উক্ত দিনা সেই স্থানেৰে মুখ্য মন্ত্ৰী পাৰ হৈ যাব বাবে প্ৰতিবাদী সমদলৰ অনুমতি দিয়া হোৱা নাছিল।

আনহাতে, আৰক্ষীয়ে ২৩ ডিচেম্বৰত প্ৰতিবাদী সমদলৰ অনুমতি নিদিয়া বাবে তেওঁলোকে ২৩ ডিচেম্বৰৰ পৰিৱৰ্তে ২৪ ডিচেম্বৰত প্ৰতিবাদী সমদল আহ্বান জনায় বুলি ভৌমিকে কয়।

২৪ ডিচেম্বৰত চি পি আই-এম কৰ্মীসকলে প্ৰতিবাদী সমদল আৰম্ভ কৰাৰ পাছতে কিছুসংখ্যক বিজেপি কৰ্মীয়ে নিউ টাউন ৰ’ডত পথ অৱৰোধ কৰি ‘কা’ আৰু এন আৰ চিৰ সমৰ্থনত শ্লোগান দিয়ে।

পৰৱৰ্তী সময়ত বিজেপি কৰ্মীসকলে প্ৰতিবাদী সমদলটোক আক্ৰমণ কৰে আৰু এই আক্ৰমণত ৪০ গৰাকী চি পি আই-এম কৰ্মী আঘাতপ্ৰাপ্ত হয়।

আৰক্ষীয়ে বিজেপি কৰ্মীয়ে আক্ৰমণ চলোৱা সময়ত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা বুলিও চি পি আই-এম কৰ্মীসকলে অভিযোগ কৰে।