৪০ টা মুছলমান পৰিয়াল হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত : অনুসূচীত জাতিৰ সুবিধা লাভৰ বাবেই ধৰ্মান্তকৰণৰ অভিযোগ!

1-2

হাৰিয়ানাত ৪০ টা মুছলমান পৰিয়াল হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে।

হাৰিয়ানাৰ হিচাৰ জিলাৰ বিধমীৰা গাঁৱৰ ৪০ টা মুছলমান পৰিয়ালৰ ২৫০ গৰাকী সদস্যই শুকুৰবাৰে মুছলমান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাজ্যখনৰ দান’দা কালান গাঁৱৰ ৬ টা পৰিয়ালৰ ৮০ গৰাকী লোকে মুছলমান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল।

গাঁওবাসীৰ মতে উক্ত লোকসকল স্বাধীনতা পূৰ্বৰে পৰা দান’দা গাঁৱত বসবাস কৰি আহিছিল।

নতুনকৈ ধৰ্মান্তিৰত হোৱা চটবীৰে কয় যে যোৱা শুকুৰবাৰে তেওঁৰ মাতৃ ফুল দেৱীৰ মৃত্যু ঘটাত গাঁওখনৰ মুছলমান ধর্মাৱলম্বী লোকসকলে হিন্দু ধৰ্মীয় নীতিৰে তেওঁৰ মাতৃৰ শৱদেহ সৎকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে।

চটবীৰৰ অভিযোগ মতে মিৰাছীসকলৰ ডোম সম্প্ৰদায়(পৰম্পৰাগত গায়ক)ৰ লোকসকল পূৰ্বতে হিন্দু আছিল আৰু মোগল সম্ৰাট ঔৰংগজেৱৰ হেঁচাত তেওঁলোকৰ পূৰ্ব পুৰুষসকলে মুছলমান ধর্ম গ্ৰহণ কৰিছিল।

অধিকাংশ অশিক্ষিত লোকেৰে পৰিৱেষ্টিত গাঁওখনৰ এজন সিক্ষিত যুৱকে কয় যে, ‘কিছু লোক শিক্ষিত হৈছে আৰু তেওঁলোকে লোকসকলক ধৰ্মান্তৰিত হ’বলৈ পতিয়ন নিৰাইছে।’

ইফালে মুছলমান কল্যাণ সংস্থাৰ ৰাজ্যিক সভাপতি হাৰফুল খান ভাট্টিৰ মতে ‘অনুসূচীত জাতিৰ মৰ্যাদা তথা ৰাজনৈতিক সুবিধা লাভৰ লালসাত দন’দা কালান গাঁৱৰ মানুহে ধৰ্মান্তিৰ হৈছে। তেওঁলোক ডোম সম্প্ৰদায়ৰ লোক।’

উল্লেখ্য যে, হাৰিয়াৰ ডোম সম্প্ৰদায়টোৱে ১৯৫১ চনৰ পৰা অনসূচীত মৰ্যাদা লাভ কৰি আহিছে।

‘কিন্তু মুছলমান আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী ডোমসকলে এই সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে।’ লগতে তেওঁ কয়।