উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ শীর্ষ ১০’ত আছে মুঠ ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী; চাওক তালিকা

105590481_2699271840396819_2357174246537061377_o

উচ্চতৰ মাধ্যমিকৰ কলাত প্ৰথম স্থান লাভ কৰা দৰঙৰ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পূবালী ডেকা। ফটো: ফেচবুকৰ সৌজন্যত

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থানত আছে দুগৰাকী মেধাৱী ছাত্ৰী।

পূবালী ডেকা পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় ,দৰং আৰু শ্রদ্ধা বৰগোঁহাই ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও। তেওঁলোকে মুঠ নম্বৰ লাভ কৰিছে ৪৮১।

দ্বিতীয় স্থানত আছে তিনিগৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হৈছে- কাশ্মীৰ দাস, বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অনিশা কাশ্যপ, গোলাঘাট জাতীয় বিদ্যাপীঠ মহাবিদ্যালয় আৰু চাইমা, আব্দুল সাঁচিব উচ্চতৰ মাধ্যমিক বিদ্যালয়, হোজাই।

তেওঁলোকে মুঠ নম্বৰ লাভ কৰিছে ৪৭৭।

তৃতীয় স্থানত ৪৭৩ নম্বৰে আছে ৭গৰাকীকৈ মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল-জোস্মিতা গোস্বামী কৃষ্ণকান্ত সন্দিকৈ জুনিয় কলেজ, বৰপেটা।

ফাৰহানুৰ ৰহমান, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়।

ময়ুৰীকা ডেকা ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ,দৰং।

সংগীত দাস, প্ৰাগ মেট্ৰিক একাডেমী জুনিয়ৰ কলেজ, কামৰূপ(গ্রাম্য)।

পলি বৰা, কনচেপ্ট জুনিয়ৰ কলেজ, নগাঁও।

প্ৰিয়াক্ষী বৰা, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

মৌমিতা কোঁৱৰ, ৰামেশ্বৰ ধানোৱা জুনিয় কলেজ ,তিনিচুকীয়া।

চতুৰ্থ স্থানত ৪৭২নম্বৰেৰে আছে চাৰিগৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল- মানসী চহৰীয়া, ব্ৰিলিয়েণ্ট একাডেমী, দৰং। দেৱাশ্ৰী বৰা, কটন বিশ্ববিদ্যালয় কামৰূপ।

তুহিৰা জামান, মাধৱ দেৱ জুনিয়ৰ কলেজ নগাঁও। জুলি বৈশ্য, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

পঞ্চম স্থানত ৪৭১নম্বৰেৰে আছে চাৰিগৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল- শৰৎ শইকীয়া, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধেমাজি। সম্পূৰ্না বাৎস্বয়া, অসম জাতীয় বিদ্যালয়ৰ কামৰূপ(ম)। কাবেৰী কোঁচ, ৰামানুজন জুনিয়ৰ কলেজ আৰু মালবিকা ভৰদ্বাজ, পি বি ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী।

ষষ্ঠ স্থানত ৪৭০ নম্বৰেৰে আছে তিনিগৰাকীকে মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল- ভাৰ্গব ফুকন, ক্ৰিচেণ্ট, একাডেমী যোৰহাট। স্বাগতা দত্ত, জিনিয়াছ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ আৰু হৰ্ষীতা বৰঠাকুৰ, কলং পাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজ, নগাঁও।

সপ্তম স্থানত ৪৬৯নম্বৰেৰে আছে ৮গৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল- অৱন্তী ৰয় বি এন কলেজ, ধুবুৰী। আন্নাশ্ৰী মহন্ত, ছল্টব্ৰুক একাডেমী , ডিব্ৰুগড়। অমিতেজ নাথ, গোলঘাত জাতীয় মহাবিদ্যালয়, গোলঘাট। দিব্য প্ৰতিম বৰা, আজাদ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ। উদিতা ইশানী কাকতি, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও। শতাব্দী পূজাৰী, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও। প্ৰিয়াংশ্ৰী গোস্বামী, ৰেনিচেন্স জুনিয়ৰ কলেজ, নগাঁও আৰু পৰিনীত বুজৰবৰুৱা, আচাম ভেলি একাডেমী জুনিয়ৰ কলেজ, নলবাৰী।

অষ্টম স্থানত আছে ৪৬৮ নম্বৰেৰে চাৰিগৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল-অলিস্মিতা শৰণীয়া, কৃষ্ণকান্ত  সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা। ডেজি নাথ, ব্ৰুডশ একাডেমী জুনিয়ৰ কলেজ, বৰপেটা। আফ্ৰিন ইছলাম, এচ টি সাভাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড় আৰু প্ৰাপ্তি বৰুৱা, ফৰকাটিং জুনিয়ৰ কলেজ গোলাঘাট।

নৱম স্থানত আছে ৪৬৭ নম্বৰেৰে তিনিগৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল- অজস্ৰোতা বশিষ্ঠ গোস্বামী, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাঁও। এ’পল কাশ্যপ, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ যোৰহাট আৰু নম্ৰতা বৰুৱা, ৰামানুজন জুনিয় কলেজ, নগাঁও।

সেইদৰে, দশম স্থানত আছে ৪৬৬ নম্বৰে ৬গৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল- চন্দ্ৰীকা কলিতা, কৃষ্ণকান্ত সন্দিকৈ জুনিয় কলেজ, বৰপেটা। অংকিতা ভূঞা, কিৰণ একাডেমী জুনিয় কলিজা, ধেমাজি। কৃষ্ণাৱালা দাস হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবুৰী। শুভাকাংশী আট্ৰেয়, ক্ৰীছেন্ট একাডেমী, যোৰহাট। চাহাব উদ্দিন, লালোক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মমিনা আষতা, লুইত একাডেমী জুনিয়ৰ কলেজ, নলবাৰী।