NORTHEAST NOW (Assamese)

অসমত ৪৪৮ নতুন ক’ভিড আক্ৰান্ত, ১৪৮৭ আৰোগ্য

October 28, 2020 11:00 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

৪৪৮গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ১৪৮৭গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

২৬,১৫০টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভৰ হাৰ হৈছে ১.৭১ শতাংশ।

আৰোগ্যৰ হাৰ হৈছে ৯৩.৮০ শতাংশ।

১,৯২,৫১৪গৰাকী ব্যক্তিয়ে অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগী ১১,৮০৩ (।)

মুঠ ২,০৫,২৩৭গৰাকী ব্যক্তি এতিয়ালৈকে অসমত ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু তিনিগৰাকী ক’ভিড১৯ ৰোগীয়ে বুধবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯১৭লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপ মহানগৰৰ অনিমা ৰাণী দেব (৬৫) আৰু গোলাঘাটৰ প্ৰবীন শ্যাম (৮৩) আৰু বিজয় পাইক (৫৮)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

মঙলবাৰলৈকে অসমত ৯১৪গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

Related News