মধ্যাহ্ন ভোজন খাই অসুস্থ ৪৫ জন শিক্ষাৰ্থী! বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু

মঙলবাৰে বিয়লি মহাৰাষ্ট্ৰৰ থানেত মধ্যাহ্ন ভোজন খাই ৪৫জন শিক্ষাৰ্থী অসুস্থ হৈ পৰে। সকলোৰে বয়স ৮-১১ বছৰৰ ভিতৰত। এই ঘটনাত বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

বমি, পেটৰ বিষ, মূৰৰ বিষ আদি লক্ষণৰ বাবে ৩৮ জনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পিছত আৰু ৭জন অসুস্থ হৈ পৰে। লগতে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মঙলবাৰে বিয়লি মধ্যাহ্ন ভোজনত ভাত আৰু তৰকাৰী পৰিবেশন কৰা হয়। সেই খাদ্য খোৱাৰ পৰাই প্ৰতিক্ৰিয়া আৰম্ভ হয়। সেই খাদ্যৰ নমুনা সংগ্ৰহ কৰা হৈছে। থানে পৌৰসভাই মঙলবাৰে জনাইছে যে সকলোৱে বিপদৰ পৰা মুক্ত।

ইফালে অভিভাৱকসকলে দাবী উত্থাপন কৰিবলৈ ধৰিলে যে এইখন বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ বিষয়ে আগতেও অভিযোগ উত্থাপন হৈছিল। গুণগত মান আৰু আনকি পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ অভিযোগ। ইয়াৰ পূৰ্বে মিড ডে মিলৰ পৰা উদ্ধাৰ কৰা হৈছিল কীট-পতংগ। অভিভাৱকৰ এটা অংশইও দাবী কৰে যে অধ্যক্ষই ছাত্ৰ-ছাত্ৰীক খাদ্য পৰিবেশন কৰাৰ পূৰ্বে পৰীক্ষা কৰা নাছিল।

বুধবাৰে এজন অভিভাৱকে কলৱা আৰক্ষীত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে জনোৱা মতে, এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।