NORTHEAST NOW (Assamese)

আকৌ হস্তী-মানৱৰ সংঘাত : গোৱালপাৰাত মৃত্যু ৪৭ বছৰীয়া ব্যক্তিৰ

February 21, 2025 5:31 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত হ্ৰাস পোৱা নাই হাতী-মানুহৰ সংঘাত। বনাঞ্চল কমি অহাৰ লগে লগে জনাঞ্চলত হাতীয়ে কৰিছে সঘন বিচৰণ।

শুকুৰবাৰে নিশা গোৱালপাৰা জইলাৰ মৰনৈ থানা এলেকা অন্তৰ্গত লালাবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে মণ্টু ৰাভা নামৰ এজন ৪৭ বছৰীয়া ব্যক্তিয়ে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, খাদ্যৰ সন্ধানত গাঁওখনত প্ৰৱেশ কৰা দুটা বনৰীয়া হাতীয়ে ৰাভাৰ ঘৰত আক্ৰমণ কৰে।

প্ৰাণ ৰক্ষাৰ বাবে পলায়ন কৰিবলৈ চেষ্টা কৰি থাকোঁতে হাতীৰ আক্ৰমণত ৰাভাৰ থিতাতে মৃত্যু হয়।

এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উল্লেখ্য যে চৰকাৰী কৰ্তৃপক্ষই এতিয়াও ভুক্তভোগীৰ পৰিয়ালৰ কোনো ক্ষতিপূৰণৰ কথা ঘোষণা কৰা নাই।

Related News