৪ বছৰৰ পিছত আৰক্ষীৰ জালত পৰিল কামাখ্যাত নৰবলি দিয়া অভিযুক্তৰ দল

Kamakhya Temple Human Sacrifice Case

২০১৯ চনৰ জুন মাহৰ অম্বুবাচী মেলাৰ সময়ত গুৱাহাটীৰ কামাখ্যা মন্দিৰত সংঘটিত হোৱা নৰবলি কাণ্ডৰ লগত জড়িত ৫ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। ২০১৯ চনৰ ১৯ জুনত কামাখ্যাৰ জয় দুৰ্গা মন্দিৰত সংঘটিত হৈছিল এই ঘটনা।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰি এই নৰবলিৰ ঘটনা সন্দৰ্ভত বিতংভাৱে সদৰী কৰে। দিগন্ত বৰাই কয়, ‘যোৱা ১৯ জুনত জয় দুৰ্গা মন্দিৰৰ চিৰিৰ পৰা এগৰাকী অচিনাক্ত মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হয়।”

“এই সন্দৰ্ভত জালুকবাৰী থানাৰ অধীনত ছুঅ’-মোটো গোচৰ ৰুজু কৰি বিতং তদন্ত আৰম্ভ কৰা হয়। ২০১৯ চনৰ ২৮ জুলাইত পশ্চিম বংগৰ হুগলীৰ তাটিপাৰাৰ পৰা অহা সুৰেশ শ্ব’ৱে মহিলাগৰাকীৰ মূণ্ডহীন মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পোৱাৰ পিছত জালুকবাৰী থানাত উপস্থিত হয় আৰু তেওঁৰ পোছাক আৰু অন্যান্য প্ৰমাণৰ ভিত্তিত ভুক্তভোগীক তেওঁৰ মাতৃ সন্তি শ্ব’ (৬৪) বুলি চিনাক্ত কৰে।”— তেওঁ লগতে কয়।

দিগন্ত বৰাই লগতে জানিবলৈ দিয়া মতে, সুৰেশৰ মাতৃ সেই মাহতে অম্বুবাচী মেলা উপলক্ষে কামাখ্যালৈ আহিছিল আৰু তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল। তেওঁ লগতে কয় যে এই ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ এটা বিশেষ দল গঠন কৰা হৈছে।

পূৰ্বে সংগ্ৰহ কৰা কাৰিকৰী প্ৰমাণ বিশ্লেষণ কৰি বিশেষ আৰক্ষী দলটোৱে পশ্চিম বংগৰ কোচবিহাৰলৈ গৈ চলিত বৰ্ষৰ ১৮ মাৰ্চত কৈলাশ বৰ্মন নামৰ এজন ব্যক্তিৰ ঘৰত তালাচী চলায়। তালাচী অভিযান চলোৱাৰ পিছত বৰ্মনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ভুক্তভোগীৰ হেণ্ডছেট, কাপোৰ, আইডি প্ৰুফ আদি সামগ্ৰী।

কৈলাশ বৰ্মনে কয় যে যোৱা আঠ বছৰৰ পৰা জুন-জুলাই মাহত নিয়মিতভাৱে তেওঁলোকৰ গাঁৱলৈ আহি থকা মাতা প্ৰসাদ পাণ্ডেই ২০১৯ চনত তেওঁৰ ঘৰত উপস্থিত হৈ বেগটোত তেওঁৰ নিজৰ সামগ্ৰী আছে আৰু সেয়া পিছত সংগ্ৰহ কৰিব বুলি উল্লেখ কৰি ভুক্তভোগীৰ সেই সামগ্ৰীবোৰ এৰি থৈ যায়।

‘মধ্যপ্ৰদেশৰ জব্বলপুৰৰ পৰা মাতা প্ৰসাদ পাণ্ডে (৫০ বছৰ)ক ২৫ মাৰ্চত, চলিত বৰ্ষত গ্ৰেপ্তাৰ কৰা হয়। জেৰাত পোহৰলৈ আহে যে, ২০১৯ চনৰ ১৮ আৰু ১৯ জুন তাৰিখৰ মাজৰ নিশা ভূতনাথত কাপালী পূজা অনুষ্ঠিত হৈছিল য’ত প্ৰায় ১২ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল য’ত ভুক্তভোগীজনো আছিল।

পূজা চলোৱা ব্যক্তিসকলে সুৰা পান কৰিছিল। লগতে মদ খাবলৈ বাধ্য কৰাইছিল ভুক্তভোগী মহিলাগৰাকীক। ইয়াৰ পিছতে কামাখ্যাৰ শ্মশানখন পৰিদৰ্শন কৰি তাতেই আন এক পূজা আগবঢ়ায়। ইয়াৰ দলটোৱে কামাখ্যাৰ জয় দুৰ্গা মন্দিৰলৈ গৈ বলিদানৰ নামত ভুক্তভোগীৰ শিৰচ্ছেদ কৰে।

এই জঘন্য অপৰাধ সংঘটিত কৰাৰ পিছত তেওঁলোকে ভুক্তভোগীৰ কটা মূৰটো এটা বেগত ভৰাই ব্ৰহ্মপুত্ৰ নদীত পেলাই দি গুচি যায়। ইফালে, মাতা প্ৰসাদ পাণ্ডেৰ এই বক্তব্যৰ ভিত্তিত ভূতনাথৰ পৰা সুৰেশ পাছৱান (৫৬), কানু আচাৰজী (৬২) আৰু ভৈয়াৰাম মাওৰিয়া (৬০) আৰু উত্তৰ প্ৰদেশৰ মথুৰাৰ পৰা প্ৰদীপ পাঠক (৫২)ক গ্ৰেপ্তাৰ কৰা হয়।

জানিব পৰা মতে, এই ঘটনাৰ মাষ্টাৰ মাইণ্ড আছিল উত্তৰ প্ৰদেশৰ প্ৰদীপ পাঠক।