ৰাজ্যত পুনৰ কোভিডত আক্ৰান্ত হৈ ৫ জনৰ মৃত্যু

প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ৰা্জ্যত পুনৰ ৫ জন লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নিশা কৰা টুইটত কোভিডত মৃত্যু ঘটা লোক কেইজনৰ নাম আৰু বয়স প্ৰকাশ কৰিছে।

কোভিত মৃত্যু ঘটা লোক কেইজন হৈছে ক্ৰমে কৰিমগঞ্জৰ আছাবুদ্দিন(৫০), ছেণ্টুলাল সাহা (৭০), ডিব্ৰুগড়ৰ মনোৰঞ্জন পাল(৬৩), তিনিচুকীয়াৰ ৰাম সুৰত গোৱালা(৭৭) আৰু কামৰুপ মহানগৰৰ ধীৰেণ কলিতা(৫৫)।

আজি গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পতাল চমুকৈ জি এম চি এইচত ধীৰেণ কলিতাৰ মৃত্যু হয়।

জানিব পৰা মতে, প্ৰথম অৱস্থাত কলিতাক মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু পৰীক্ষাত ক’ভিড পজিটিভ পোৱাত চিকিৎসাৰ বাবে বুধবাৰে নিশা নেমকেয়াৰৰ পৰা জি এম চি এইচ্চলৈ লৈ অহা হয় যদিও আজি পুৱা কলিতাই মৃত্যুবৰণ কৰে।

৫২ বছৰীয়া কলিতাৰ ঘৰ কামৰূপ গ্ৰাম্যৰ পুঠিমাৰিত বুলি জানিব পৰা গৈছে। যোৱা সোমবাৰে পেটৰ বিষত ভোগাত তেওঁক নেমকেয়াৰত ভৰ্তি কৰোৱা হৈছিল।

ৰাজ্যত কোভিডত আক্ৰান্ত হৈ এতিয়ালৈকে মৃত্যু ঘটা মুঠ ৰোগীৰ সংখ্যা হৈছে ১২৬ গৰাকী।