পাঠশালাত ৫ বছৰীয়া শিশুক ধৰ্ষণ; অভিযুক্তক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ পাঠশালাত শনিবাৰে সংঘটিত এক জঘন্য কাণ্ডত ৫ বছৰীয়া এটি কন্যা শিশু এজন যুৱকৰ কামনাৰ বলি হ’বলগীয়া হ’ল। অৱশ্যে অভিযুক্ত ধৰ্ষণকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ধৰ্ষণকাৰীজনক বৰপেটা জিলাৰ দাতিৰবাৰীৰ বাসিন্দা নুৰজামাল আলী বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে পাঠশালাৰ কুকুৱা বাতাবাৰীৰৰ এটা ভাড়া ঘৰত সংঘটিত হোৱা এই কাণ্ডত কাষতে ভাড়াতীয়া হিচাপে থকা যুৱকজনে শিশুটিক মাকে কাপোৰ ধুই আৰু দেউতাকে শুই থকা সময়তে নিজৰ ৰূমলৈ অসৎ কাৰ্যটো চৰিতাৰ্থ কৰে।

পিছত অসংযত অৱস্থাত মাতৃয়ে নিজ কন্যাক লম্পত যুৱকজনৰ ভাড়া ৰূমৰ পৰা উদ্ধাৰ কৰে। ঘটনা সম্পৰ্কত আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ততালিকে যুৱকজনক আটক কৰে।

শিশুটিৰ পিতৃ-মাতৃৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দি বজালীৰ মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই ভুক্তভোগী শিশুটিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি জনায়।

উক্ত জঘন্য কাণ্ডটোৱে পাঠশালাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে ধৰ্ষণকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়।