অপৰাধ ঘটোৱাৰ উদ্দেশ্যেৰে অহা বহিঃৰাজ্যৰ পাঁচজন যুৱকক আটক

দা,খুকুৰি আদি জব্দ কৰিলে আৰক্ষীয়ে

বঙাইগাঁও আৰক্ষীয়ে বঙাইগাঁও চহৰত এখন বহিঃৰাজ্যৰ চাৰিচকীয়া বাহনসহ পাঁচজন যুৱকক আটক কৰে ৷

আৰক্ষীয়ে যুৱককেইজনে বঙাইগাঁও চহৰত অপৰাধ ঘটোৱাৰ মানসেৰে অহা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে তেওঁৰ লগতে নগৰ উপ আৰক্ষী বিষয়াসহ আৰক্ষীৰ এটা দলে চহৰখনত তহল দি থকাৰ সময়তে বহিঃৰাজ্য পশ্চিম বংগৰ নম্বৰযুক্ত এখন বাহন প্ৰত্যক্ষ কৰাত তেওঁলোকৰ সন্দেহ ওপজে আৰু বাহনখন ৰখায় ৷

ডব্লিউ বি ২৬ এ ভি ১১৮৬ নম্বৰৰ হুণ্ডাই ক্ৰেটা বাহনখন উত্তৰ প্ৰদেশৰ তিনিজন আৰু পশ্চিম বংগৰ দুজনসহ পাঁচজন বহিঃ ৰাজ্যৰ যুৱক আছিল ৷

আৰক্ষীয়ে পিচত বাহনখনত তালাচী চলোৱাত দা, খুকুৰি, ষ্টিক আদি বিভিন্ন সামগ্ৰী উদ্ধাৰ হোৱাত যুৱককেইজনে বঙাইগাঁৱত কিবা অপৰাধজনিত ঘটনা ঘটোৱাৰ মানসেৰে চহৰ খনত উপস্থিত হোৱাৰ সন্দেহ কৰি বাহনসহ পাঁচজনকে আটক কৰে।

উল্লেখ্য যে শেহতীয়াভাৱে বঙাইগাঁও চহৰত বহিঃ ৰাজ্যৰ পৰা অহা দুৰ্বৃত্তৰ দলে এটিএমৰ ধন লুট কৰি নিয়াৰ আদি ঘটনা ঘটিছে৷ এনে অৱস্থাত নিশা বহিঃ ৰাজ্যৰ পৰা অহা যুৱকৰ দলটোকো আৰক্ষীয়ে সহজভাৱে লোৱা নাই ৷

কৰায়ত্ত কৰা যুৱক পাঁচজন হৈছে উত্তৰ প্ৰদেশৰ ছাদাম আজিজ( ২৩) ,মহম্মদ ছঈদ (৩২) আৰু ছেহজাদ (২৬) ৰ লগতে পশ্চিম বংগৰ নাছনাবী আনচাৰি ( ৩৫) আৰু আলমাহুদ মিস্ত্ৰী (৩৩) ৷