অৱশেষত গাজাত যুদ্ধবিৰতি । ইজৰাইল-হামাছ যুদ্ধৰ ডেৰ মাহৰ পাছত অৱশেষত প্ৰথমবাৰৰ বাবে সম্বৰণ কৰা হৈছে অস্ত্ৰ। ইজৰাইলৰ কেবিনেটে বুধবাৰে হামাছে আগবঢ়োৱা এই চুক্তিত অনুমোদন জনায়।
হামাছে ইজৰাইলক নিজেই প্ৰস্তাৱ দি কৈছিল যে হামাছে পণবন্দী কৰি ৰখা ৫০ জন ইজৰাইজলী নাগৰিকক মুকলি কৰি দিব। কেইবা সপ্তাহ ধৰি চলা উত্তেজনাৰ অন্তত অৱশেষত ইজৰাইলে হামাছৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।
অৱশ্যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ বাবে ইজৰাইলে বিশেষ চৰ্ত মানি ল’ব লাগিব। আৰু সেইটোৱেই হৈছে যুদ্ধবিৰতি। চুক্তি মতে ৪ দিনৰ যুদ্ধবিৰতি ঘোষণা কৰিছে ইজৰাইলে। ইজৰাইলে কয় যে মানৱতাৰ স্বাৰ্থত এই যুদ্ধবিৰতি ঘোষণা কৰা হৈছে।
খবৰ অনুসৰি বুধবাৰে পুৱা ইজৰাইলৰ মন্ত্ৰীসভাই যুদ্ধবিৰতিৰ বিনিময়ত হামাছৰ পৰা ৫০ জন কয়দীক মুকলি কৰি দিয়াৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে। চাৰিদিনীয়া যুদ্ধবিৰতিৰ বিনিময়ত হামাছে ৫০ জন কয়দীক মুকলি কৰি দিব।
উল্লেখ্য যে, ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত প্ৰথম আক্ৰমণৰ পিছত হামাছে পণবন্দী কৰি লৈছিল এই নাগৰিকসকলক। গাজাৰ হামাছৰ গোপন শিবিৰত বন্দী কৰি ৰখা হৈছে ইজৰাইলী নাগৰিক সকলক।
এতিয়ালৈকে ইজৰাইল-হামাছ চুক্তিৰ কোনো সবিশেষ প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে ইজৰাইল চৰকাৰে মঙলবাৰে ঘোষণা কৰে যে এই চুক্তিৰ জৰিয়তে কমেও ৫০ জন ইজৰাইলী নাগৰিকক হামাছৰ পৰা মুক্ত কৰিব পৰা যাব। ইয়াৰে অধিকাংশই শিশু আৰু মহিলা। সূত্ৰ অনুসৰি হামাছে প্ৰতিদিনে ১২-১৩ জন পণবন্দীক মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে।
আন এক সূত্ৰৰ মতে, ইজৰাইলৰ ৫০ জন নাগৰিকৰ মুক্তিৰ বিনিময়ত ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা ১৫০ জন পেলেষ্টাইনীকো মুকলি কৰি দিয়া হ’ব।
আনহাতে, ইজৰাইলৰ যুদ্ধবিৰতিৰ সিদ্ধান্তক হামাছেও আদৰণি জনাইছে।