অধ্যাপকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীলৈ পত্ৰ পাঁচশ ছাত্ৰীৰ

500 Students Girls Claim Sexual Assault

প্ৰতিনিধিত্বমূলক ছবি

বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে একেলগে পাঁচশ ছাত্ৰীয়ে তুলিছে যৌন নিৰ্যাতনৰ অভিযোগ। যৌন নিৰ্যাতনৰ অভিযোগেৰে ছাত্ৰীসকলে ন্যায় লাভৰ দাবীৰে পাঁচশ ছাত্ৰীয়ে প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে পত্ৰ। এই ঘটনা হাৰিয়ানাৰ।

ৰাজ্যখনৰ ছিৰছাৰ চৌধুৰী দেৱী লাল বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰলৈ প্ৰেৰণ কৰা পত্ৰখনত পাঁচশ ছাত্ৰীয়ে অধ্যাপকগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ লগতে ভাবুকিৰ অভিযোগ উত্থাপন কৰিছে।

পত্ৰখনৰ প্ৰতিলিপি উপাচাৰ্য ড০ আজমেৰ সিং মালিক, হাৰিয়ানাৰ ৰাজ্যপাল বান্দৰু দাত্তাত্ৰেয়, হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বিজ, আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু নিৰ্বাচিত সংবাদ মাধ্যমলৈও প্ৰেৰণ কৰা হৈছে।

পত্ৰখনত অধ্যাপকগৰাকীয়ে ছাত্ৰীসকলক নিজৰ কাৰ্যালয়লৈ মাতি বাথৰুমলৈ লৈ যায় আৰু ব্যক্তিগত অংশ স্পৰ্শ কৰাৰ লগতে তেওঁলোকৰ সৈতে অশ্লীল কাৰ্য কৰে বুলি দাবী কৰিছে ছাত্ৰীকেইগৰাকীয়ে। এনে কাৰ্যৰ প্ৰতিবাদ কৰিলে অধ্যাপকগৰাকীয়ে অতি ভয়ংকৰ পৰিণতিৰ ভাবুকি দিয়া বুলিও অভিযোগ কৰা হৈছে।

ছাত্ৰীসকলে অভিযোগ কৰা মতে, অধ্যাপকগৰাকীয়ে কেইবামাহো ধৰি এনে কাৰ্য চলাই আহিছে; কিন্তু তেওঁ উচ্চ ব্যক্তিত্বৰ ‘ভুৱা পৰিচয়’ৰ ধাৰণা দিয়ে বাবে উত্থাপিত অভিযোগ সন্দৰ্ভত অধ্যাপকজনক কেতিয়াও জবাবদিহি কৰা হোৱা নাই।

তদুপৰি ছাত্ৰীসকলে এই বিষয়ে উপাচাৰ্যক জনোৱাৰ পিছতো উপাচাৰ্যগৰাকীয়েও ছাত্ৰীসকলক বহিষ্কাৰ কৰাৰ ভাবুকি দিছিল বুলি অভিযোগ তুলিছে। অভিযুক্ত অধ্যাপকজনৰ অপৰিসীম ৰাজনৈতিক প্ৰভাৱৰ বাবে উপাচাৰ্যগৰাকীয়েও অভিযোগ দমাই ৰখা বুলি অভিযোগ উঠিছে।

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ ৰাজেশ কুমাৰ বংশালে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে বুলি জানিবলৈ দিয়ে। তদুপৰি বিশ্ববিদ্যালয়ৰ নিজা কমিটিয়েও অভিযোগৰ তদন্ত কৰি আছে বুলি উল্লেখ কৰি তেওঁ লগতে অভিযোগক অতি গুৰুতৰ আখ্যা দিয়ে।

লক্ষণীয়ভাৱে পত্ৰখনত অভিযুক্তৰ নাম উল্লেখ নাই বুলি সদৰী কৰে। তদন্তৰ অন্তত দোষী সাব্যস্ত হ’লে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে পঞ্জীয়কগৰাকীয়ে। তেওঁ লগতে বিশ্ববিদ্যালয়ৰ প্ৰাসংগিক চিচিটিভি ফুটেজ আৰক্ষীক গতাই দিয়া হৈছে বুলি প্ৰকাশ কৰে।

ইফালে অভিযোগকাৰী ছাত্ৰীসকলে পত্ৰখনতঅভিযুক্ত অধ্যাপকগৰাকীয়ে ইতিমধ্যে তেওঁৰ কাৰ্যালয়ৰ চিচিটিভি ফুটেজৰ পৰা তেওঁৰ অশ্লীল কাৰ্যৰ ফুটেজ ডিলিট কৰিছে বুলি দাবী কৰে। তেওঁলোকে অৱশ্যে পৰিয়ালৰ সন্মানহানিৰ আশংকাত পৰিচয় প্ৰকাশৰ পৰা বিৰত থাকে।

পত্ৰখনত ছাত্ৰীসকলে তেওঁলোকৰ অভিযোগ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তদন্তৰো আহ্বান জনায় আৰু অভিযুক্ত অধ্যাপকগৰাকীক নিলম্বন কৰাৰ দাবী তুলিছে।