সোমবাৰে বিধানসভাত ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। বাজেটত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে। এইবাৰ বাজেটত চাহ শ্ৰমিকৰ বাবে ঘোষণা কৰিছে বিত্তীয় সাহাৰ্যৰ।
বৰ্তমান ৰাজ্যৰ ৬.৮ লাখ চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈকে ৫০০০ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। স্থায়ী আৰু অস্থায়ী সকলো শ্ৰমিকে এই বিত্তীয় সাহাৰ্য লাভ কৰিব বুলি উল্লেখ কৰিছে। বাজেটত ইয়াৰ বাবে ৩৪২ কোটি টকা ধাৰ্য কৰা হৈছে।
প্ৰশ্ন হয় যে এই এককালীন সাহাৰ্য বা ঝুমুৰ নৃত্যৰ বিশ্বৰেকৰ্ডেৰে চাহ শ্ৰমিক তথা চাহ জনগোষ্ঠীয় লোক সকলে দীৰ্ঘসময় ধৰি সন্মুখীন হৈ অহা সমস্যামূহৰ পৰা অৱকাশ লাভ কৰিব নে এই মুহুৰ্তত এক গুৰুত্ব পূৰ্ণ প্ৰশ্ন হৈ পৰিছে।
উল্লেখ্য যে শেহতীয়াকৈ অসম চৰকাৰে চাহ শ্ৰমিকৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। যোৱা ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰায় ৯ হাজাৰ লোকশিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ ৰচনা কৰে। এই অনুষ্ঠানত অংশ লোৱা শিল্পীৰ বাবে চৰকাৰে আৰ্থিক পুৰস্কাৰো ঘোষণা কৰে । তাৰোপৰি সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলক বাগান লাইনতে ভূমি দিয়াৰো এক ঘোষণা কৰিছিল।উল্লেখ্য যে দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকসকলে প্ৰাপ্ত মজুৰি আৰু অন্যান্য সা-সুবিধাৰ বাবে আন্দোলন কৰি আহিছিল । চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি ১৮ টকা বৃদ্ধিৰ বাবে এক নিৰ্দেশ প্ৰদান কৰিছিল ২০২৩ বৰ্ষতে । সেই অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাৰ শ্ৰমিকক দৈনিক মজুৰি ২৫০ টকা আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকক দৈনিক মজুৰি ২২৮ টকা প্ৰদানৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু এই মজুৰি বৃদ্ধি নকৰিলে আজিলৈকে।