বৃহত্তৰ লাহোৱালৰ একমাত্ৰ সংবাদ সেৱী সংগঠন লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ সাংবাদিক উমাকান্ত চাংমাই( ৮৭) বাৰ্ধক্য জনিত কাৰণত যোৱা ৩০ ডিচেম্বৰৰ পৰা ডিব্ৰুগড় এ এম চিত ভৰ্তি হৈ আছে। অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত থকা উমাকান্ত চাংমাই সদৌ অসম গ্ৰাম্য সাংবাদিক সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ১৯৩১ চনত লাহোৱালৰ ইকৰাতলী-বিনৈগুটীয়া গাঁৱত জন্ম গ্ৰহণ কৰা লেখক-সাংবাদিক উমাকান্ত চাংমাই বিগত ৭০ দশকৰ পৰা বিভিন্ন কাকত, আলোচনীত লিখা-মেলাৰ যোগেদি সংবাদ -সাহিত্যৰ সৈতে জড়িত হৈ পৰিছিল। এ এম চিত চিকিৎসাধীন অৱস্থাত থকা সাংবাদিক-লেখক উমাকান্ত চাংমাইৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা বেছি অৱনতি ঘটা বুলি জানিব পৰা গৈছে। বৰ্ষীয়ান সাংবাদিক গৰাকীৰ উন্নত চিকিৎসাৰ বাবে যথোপযুক্ত ব্যৱস্থা ল’বলৈ লাহোৱাল প্ৰেছ ক্লাব , সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উদয়ন কুমাৰ গগৈ, আটছা লাহোৱাল শাখা , চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ জিলা সমিতিৰ সভাপতি দয়ানন্দ শ্বাহ , লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থা আদিকে ধৰি বিভিন্ন দল সংগঠনে অসম চৰকাৰক আহ্বান জনাইছে ।