অৰুণাচল প্ৰদেশত স্থাপন হ’ব ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠান

প্ৰতিনিধিত্বমূলক চিত্ৰ

অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠান এখন অতি শীঘ্ৰে স্থাপন কৰিব বুলি শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে জানিবলৈ দিয়ে। উত্তৰ-পূবৰ প্ৰতিভা সমূহ বিকাশ কৰাৰ লক্ষ্যৰে এই প্ৰতিষ্ঠানখন স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

এই স্থাপন হ’বলগীয়া চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠানখন অৰুণাচল প্ৰদেশৰ প্ৰথম আৰু ভাৰতৰ দ্বিতীয়খন প্ৰতিষ্ঠান ৰূপে পৰিগণিত হ’ব। উল্লেখযোগ্য যে প্ৰথমখন ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠান পুনেত অবস্থিত, আৰু এই প্ৰতিষ্ঠানখন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰাণালয়ৰ অধীনত পৰিচালিত স্বায়ত্বশাষিত প্ৰতিষ্ঠান।

‘আমি পোন প্ৰথমবাৰৰ বাবে পুনেৰ পিছত অৰুণাচল প্ৰদেশত চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠান স্থাপন কৰিবলৈ ওলাইছো’, এই মন্তব্য আগবঢ়াই উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন তথা প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ দায়িত্বত থকা মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে।

বিভাগীয় মন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি যোৱা কেইটামান দশকত অৰুণাচল প্ৰদেশত চলচ্চিত্ৰ চিত্ৰগ্ৰহণৰ পৰ্যাপ্ত সুবিধাৰ অভাব তথা সা সৰঞ্জাম সংৰক্ষণৰ ব্যৱস্থা নথকাৰ বাবে মাত্ৰ দুখন চলচ্চিত্ৰৰহে চিত্ৰগ্ৰহণ হৈছে। নতুনকৈ স্থাপন হ’বলগীয়া প্ৰতিষ্ঠানখনৰ জৰিয়তে ভৱিষৎত সময়ত অৰুণাচল প্ৰদেশক যথেষ্ট সহায় কৰিব বুলি সিঙে মন্তব্য কৰে।