ৰাজ্য কপোঁৱা হোজাইৰ ডবকাৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ পঞ্চমজন অভিযুক্তক আটক

ৰাজ্য কঁপাই যোৱা হোজাইৰ ডবকাৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ পঞ্চমজন অভিযুক্তক ডবকা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লম্পটজনক ডবকা দীঘৰজাৰুনী গাঁৱৰ আব্দুল মতিন বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণি মতে ডবকা আৰক্ষীয়ে কালি অৰ্থাৎ বুধবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি হোজাই ৰে’লৱে ষ্টেশ্যনৰ সমীপৰ পৰা অভিযুক্ত আব্দুল মতিনক আটক কৰে। বৰ্তমান আব্দুলক আৰক্ষীয়ে ডবকা থানালৈ আনি জেৰা অব্যাহত ৰাখিছে। পূৰ্বতে এই দলবদ্ধ ধৰ্ষণকাণ্ডৰ সৈতে জড়িত থকা আন চাৰিজন লোকক আটক কৰি জে’ললৈ প্ৰেৰণ কৰিছিল।

উল্লেখযোগ্য যে হোজাই জিলাৰ ডবকাৰ দীঘলজাৰুনী গাঁৱত যোৱা ২৩ মাৰ্চত গোলাপ হুছেইন, দিলুৱাৰ হুছেইন, শ্বহিদ আহমেদ, আব্দুল আলিম আৰু আব্দুল মতিন নামৰ পাঁচ লম্পটে এগৰাকী যুৱতিক দলৱদ্ধ ধৰ্ষণ কৰিছিল। ইমানতে ক্ষান্ত নাথাকি লম্পটকেইটাই মোৱাইলত ৰেকৰ্ডিং কৰি সেই ভিডিঅ’ ছচিয়েল মিডিয়াত এৰি দিছিল।

ইয়াকে লৈ সৰৱ হৈ উঠিছিল হোজাই, ডবকাৰ দল-সংগঠন। স্থানীয় ৰাইজৰ লগতে হোজাই জিলাৰ বিভিন্ন দল-সংগঠনসমূহে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে।