যোগী ৰাজ্যত পুনৰ নাৰকীয় কাণ্ড : ৭ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা; কাটি নিলে যকৃৎসহ অন্য অংগ

index.jpg

পুনৰ অন্য এক নাৰকীয় কাণ্ডই কঁপাই গৈছে যোগী আদিত্যনাথৰ শাসিত ৰাজ্য উত্তৰ প্ৰদেশ।

হাথৰাছ গণ ধৰ্ষণ কাণ্ড দেশবাসীৰ স্মৃতিপটত সজীৱ হৈ থকাৰ পৰতে উত্তৰ প্ৰদেশৰ কাণপুৰত এগৰাকী ৬ বছৰীয়া নাবালিকাক গণধৰ্ষণ কৰি হত্যা কৰিছে ধর্ষণকাৰীয়ে।

কেৱল ইমানেই নহয়, ধৰ্ষণকাৰীয়ে নাবালিকা গৰাকীক হত্যা কৰাৰ পিছত মৃতদেহৰ পৰা যকৃৎসহ অন্য অংগও কাটি উলিয়াই নিয়া হৈছে।

দেওবাৰে স্থানীয় লোকে অৰণ্যৰ মাজত নাবালিকা গৰাকীৰ ক্ষত বিক্ষত মৃতদেহ সন্ধান লাভ কৰাৰ পিছতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীৰ মতে নাবালিকা গৰাকীক ধৰ্ষণ কৰাৰ পিছত হত্যা কৰি শৰীৰৰ অংগ কাটি দেহৰ পৰা বিচ্ছিন্ন কৰা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি নাবালিকা গৰাকীৰ গাঁৱৰ এক সন্তানহীন দম্পতীয়ে অন্ধবিশ্বাসৰ বলি হৈ কলা-যাদুৰ দ্বাৰা সন্তান লাভৰ বাবে এই নাৰকীয় কাণ্ডটো সংঘটিত কৰোৱায়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মূল অভিযুক্ত পৰশুৰাম কুৰীল নামৰ লোকজনে ১৯৯৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু সন্তানহীন হৈ থকাত অন্ধবিশ্বাসৰ বলি হৈ দম্পতী হালে কলা-যাদুৰ শৰণাপন্ন হয়।

অন্ধবিশ্বাসৰ স্বীকাৰ হোৱা সন্তানহীন দম্পতী হালে কলা-যদুৰ দ্বাৰা সন্তান লাভ কৰিবলৈ হ’লে এটা মানৱ যকৃৎ প্ৰয়োজন হয় বুলি প্ৰতিয়ন গৈ এগৰাকী নাবালিকাক ইয়াৰ বাবে লক্ষ্য কৰি লয়। এই কামত সিদ্ধিলাভৰ বাবেই এই জঘন্য কাণ্ডটোৰ বাবে এক ষড়যন্ত্ৰ ৰচনা কৰে তেওঁলোকে।

পৰিকল্পনাৰ অনুসৰিয়ে পৰশুৰামে গাঁৱৰ অংকুৰ কুৰীল(২০) আৰু বীৰান(৩১) নামৰ যুৱক দুজনক ধন দি এই কামৰ দায়িত্ব দিয়ে।

দুই যুৱকে শনিবাৰে দীপাৱলীৰ সুযোগত নাবালিকা গৰাকীক অপহৰণ কৰি অৰণ্যলৈ নি গণধর্ষণ কৰাৰ পিছত হত্যা কৰি শৰীৰৰ পৰা যকৃৎসহ অন্যান্য অংগবোৰ উলিয়াই নিয়ে।

শনিবাৰে নাবালিকা গৰাকী ঘৰলৈ ওভতি নহাত পিতৃ-মাতৃয়ে বিচাৰি যায় যদিও আন্ধাৰৰ বাবে কোনো সন্ধান লাভ নকৰিলে। দেওবাৰে স্থানীয় লোকে সমীপৰ অৰণ্যত বিচাৰ খোচাৰ কৰোতে নাবালিকা গৰাকীৰ ক্ষত বিক্ষত মৃতদেহটোৰ সন্ধান লাভ কৰি আৰক্ষীক খবৰ দিয়ে।

দেওবাৰে আৰক্ষীয়ে নাবালিকা গৰাকীৰ ক্ষত বিক্ষত মৃতদেহটো উদ্ধাৰ পিছতে এই সমস্ত ঘটনাটো পোহৰলৈ আহে। আৰক্ষীয়ে নাবালিকা গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ফৰেনছিক পৰীক্ষাৰ বাবেও স্বাস্থ্যৰ নমুনা প্ৰেৰণ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে পৰশুৰাম আৰু তেওঁৰ পত্নীৰ লগতে ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দুই অভিযুক্তক ভাৰতীয় দণ্ডবিধিৰ POCSO(Protection of Children from Sexual Offences Act.)  আইনৰ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিছে।

ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দোষীক উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি দাবী কৰি ভুক্তভোগী পৰিয়ালটোলৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।