আজৱ ঘটনা: ১৩ মাহত ৮টি সন্তানৰ জন্ম দিলে ৬৫বছৰীয়া বৃদ্ধাই!

WhatsApp Image 2020-08-21 at 11.04.01 AM

প্ৰতিনিধিত্বমূলক ফটো।

এইখন ভাৰততে এগৰাকী ৬৫ বছৰীয়া বৃদ্ধা মহিলাই মাত্ৰ ১৩ মাহৰ ভিতৰত ৮ সন্তানৰ জন্ম দিয়াৰ ঘটনাই গোটেই দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কথাটো শুনি হয়তো আপুনি ভাৱিছে এয়া প্ৰলাপৰ বাহিৰে আন একো নহয়। প্ৰকৃততে ঘটনাটো কিন্তু আন ধৰণৰহে।

বিহাৰত চৰকাৰী নথি পত্ৰই এনেকুৱা এক তথ্যই দাঙি ধৰিছে।

ইয়াৰ পূৰ্বেও ৰাজ্যখনত লালু প্ৰসাদ যাদব মুখ্য মন্ত্ৰী থকা সময়ত এন ঘটনা ঘটিছিল। এতিয়া নীতিশ কুমাৰৰ দিনতো ঘটিছে।

বিহাৰৰ চৰকাৰী নথিত প্ৰকাশ পোৱা এই চাঞ্চল্যকৰ তথ্য মতে ১৩মাহত এগৰাকী মহিলাই গৰ্ভত ধাৰণ কৰিছে ৮টিকৈ সন্তানৰ। তাকো মহিলাগৰাকীৰ বয়স তেতিয়া ৬৫বছৰ। শুনি চকু কপালত উঠাৰে কথা।

বিহাৰৰ যিগৰাকী বিষয়াই এই তথ্য নথিভুক্ত কৰিছে তেওঁ হয়তো কোনো অলৌকিক জগতত বিচৰণ কৰি আছিল।

তেওঁ লিপিবদ্ধ তথ্য অনুসৰি, ৬৫বছৰীয়া এই প্ৰসূতিগৰাকীয়ে একেলগে ৮টি সন্তানৰ জন্ম দিছে। ১৩মাহৰ ভিতৰত কেইদিনমানৰ ব্যৱধানত এটা এটাকৈ আঠটি সন্তানৰ জন্ম দিছে।

চৰকাৰী তথ্যই যিয়েই নকওঁক লাগিলে, বাস্তৱতে এয়া সম্ভৱ নহয় আৰু এই কথা কোৱাটোও সাইলাখ সাধুকথাৰ নামান্তৰহে।

অৱশ্যে, বাস্তৱিকতে সেয়া ঘটাও নাই। কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে বিহাৰ চৰকাৰৰ আন এটা কেলেংকাৰিহে ই উন্মোচন কৰিলে।

নেশ্যনেল ৰুৰেল হেলথ মিছন (এনআৰএইচএম) হৈছে এই কেলেংকাৰিৰ মূল কেন্দ্ৰ। এনআৰএইচএমৰ আৱন্টিত টকা হাত কৰাৰ বাবেই বিহাৰৰ চৰকাৰী তথ্যত ৬৫বছৰীয়া বৃদ্ধাক ১৩মাহৰ বিতৰতে ৮বাৰ গৰ্ভৱতী হোৱা দেখুওৱা হৈছে।

প্ৰতিটো ডেলিভাৰিৰ পাছত ইয়াৰ নামত চৰকাৰী ধন ১হাজাৰ ৪০০টকাকৈ তোলা হৈছে।

ঘটনা অনুসৰি, বিহাৰৰ মুজাফ্ফৰপুৰৰ শান্তি দেৱী নামৰ মহিলাগৰাকীয়ে কোনো সন্তান জন্ম দিয়া নাই। কিন্তু ১হাজাৰ ৪০০টকাকৈ ৮বাৰ সেই টকা এনআৰএইচএমৰ আঁচনিৰ পৰা তুলি নিয়া হৈছে। অৰ্থাৎ এনআৰএইচএমৰ ধন আত্মস্যাৎ কৰা হৈছে।

পিচে, শান্তি দেৱীয়ে সেই টকাৰ এপইচাও লাভ কৰা নাই।  তেওঁ ৮টি সন্তানৰ জন্ম দিয়া কথা যেনেকৈ নাজানে, তেওঁৰ নামত কোনে টকা উলিয়ালে তাৰো কোনো শুংসূত্ৰ পোৱা নাছিল।

তদন্তত ধৰা পৰে যে বিগত ২০ বছৰৰ ভিতৰত মুজাফ্ফৰপুৰৰ সেই মহিলাগৰাকীয়ে কোনো সন্তানৰ জন্ম দিয়া নাই। শান্তি দেৱীৰ সৰু ল’ৰাটোৰ বয়স ২০বছৰ।

মহিলাগৰাকীয়ে কেতিয়াও জানিব পৰা নাছিল যে ২০১৯চনৰ জুলাইৰ পৰা ২০২০ চনৰ আগষ্টৰ ভিতৰত তেওঁক ১হাজাৰ ৪০০টকাকৈ ৮বাৰ দিয়া হৈছিল।

প্ৰতিবাৰেই টকা জমা হোৱাৰ পিছদিনাখনেই কোনোবাই সেই টকা তুলি নিছে। কথাটো জানিব পৰাৰ পাছতেই শান্তি দেৱীৰ পৰিয়ালৰ লোকে বেংকত গৈ সেই কথা জনায়।

কিন্তু শান্তি দেৱীয়েই একমাত্ৰ উদাহৰণ নহয়। বিহাৰত আৰু বহুতৰে সৈতে এনে ঘটনা ঘটিছে।

সেই একেটা ব্লকৰে ছোটি কোঠিয়া গাঁৱৰ লীলা দেৱী নামৰ মহিলা এগৰাকীকো ১৩মাহত ৮সন্তানৰ জন্ম দিয়া দেখুওৱা হৈছে।

চৰকাৰী তথ্য অনুসৰি, এদিনত দুবাৰ সন্তান প্ৰসৱ কৰিছে মহিলাগৰাকীয়ে। কিন্তু সেই দশকটোত মহিলাগৰাকীয়ে কোনো সন্তান জন্ম দিয়া নাই। লীলা দেৱীৰো টকা বেংকত জমা হোৱাৰ পিছদিনাই কোনোবাই উঠাই নিছে।

বিষয়টোক লৈ এতিয়া বিহাৰ চৰকাৰ অস্বস্তিত পৰিছে। এই সম্পৰ্কত বিতং তদন্তৰ কথা কোৱা হৈছে।

বিহাৰৰ স্বাস্থ্য মন্ত্ৰী মংগল পাণ্ডেই বৃহস্পতিবাৰে জানিবলৈ দিয়ে যে এনআৰএইচএম কেলেংকাৰিৰ তদন্তৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰা হৈছে আৰু দোষীক বিচাৰি উলিয়াই উপযুক্ত শাস্তি দিয়াৰ কথা ঘোষণা কৰিছে।