সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৬০০ৰো অধিক উগ্ৰপন্থী সদস্যই এৰিলে অস্ত্ৰ

arms-1-750x375

ফটো : নৰ্থ-ইষ্ট নাও

আজি গুৱাহাটীৰ জি এম চি এইচ্চৰ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ কেইবাটাও উগ্ৰপন্থী সংগঠনৰ ৬০০ ৰো অধিক সদস্যই আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে।

এই অনুষ্ঠানত উপস্থিত থাকি মুখ্য মন্ত্ৰী সোণাৱালে কয়, ‘২০১৬ ত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে বিজেপিক শাসনলৈ আনিছিল তেতিয়া লক্ষ্য স্থিৰ কৰিছিলোঁ যে সন্ত্ৰাসবাদ মুক্ত, দুৰ্নীতি মুক্ত, প্ৰদূষণ মুক্ত আৰু বিদেশী মুক্ত ৰাজ্য হিচাপে গঢ় দিম। সেই মতে আমি দায়িত্ব পালন কৰিলো’।

সমাজ নিৰ্মাণৰ স্বাৰ্থত মূল সুঁতিলৈ ঘৰি অহা উগ্ৰপন্থী সদস্যসকলক ধন্যবাদ জনাই তেওঁ কয়, ‘আপোনালোকে এটা ডাঙৰ কাম কৰিছে। শান্তিপ্ৰিয় জনতাক আপোনালোকে উদ্বুদ্ধ কৰিছে। সংস্কৃতি, ক্ৰিড়া, উদ্যোগ নীতি, এই গোটেই কাম কৰিবলৈ শান্তিৰ প্ৰয়োজন। আমি সকলোৱে মিলি এই কাম কৰিব লাগিব’।

‘মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ বহু আগুৱাই গ’ল। এয়া তেওঁৰ কষ্ট, সাধনাৰ বাবে সম্ভৱ হৈছে। আত্ম সমৰ্পনকাৰী সকলৰ জীৱন গঢ় দিয়াৰ নিমিত্তে সকলো ধৰণৰ সুবিধা আগবঢ়োৱা হ’ব, সকলোধৰণৰ সাংবিধানিক সুৰক্ষা প্ৰদান কৰিব লাগিব। আমি কৰ্ম সংস্কৃতিক প্ৰাধান্য দিব লাগিব, সমাজ এখনক আগুৱাই নিবলৈ হ’লে কৰ্ম সংস্কৃতি নিত্যান্তই প্ৰয়োজন। কৰ্মই দায়িত্ব, কৰ্মই ভগৱান’। এই মন্তব্য সোণোৱালৰ।

তদুপৰি মুখ্য মন্ত্ৰীয়ে যিসকলে এতিয়াও অস্ত্ৰ ত্যাগ কৰা নাই সেইসকলক মূল সুঁতিলৈ আহিবলৈ আহ্বান জনাইছে।

এই অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথে কয় নিজৰ ভাষণত কয়, ‘AK47, HK, MQ কে ধৰি হাতে সজা বন্দুক গুলীৰ লগতে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ জমা দিছে। বোমা, বাৰুদ জমা দিছে কিন্তু সুৰক্ষা জনিত কাৰণত আজি প্ৰদৰ্শন কৰিব পৰা নগ’ল’।

আনহাতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই অশান্তিৰ বাতাবৰণ বাদ দি শান্তি প্ৰক্ৰিয়ালৈ ঘূৰি অহা প্ৰত্যেকগৰাকী সদস্যকে ধন্যবাদ জনোৱাৰ লগতে অসম নিৰ্মাণত সহায় কৰিব বুলিও আশা প্ৰকাশ কৰিছে।

ইয়াৰ উপৰি জিষ্ণু বৰুৱাই কয়, ‘এওঁলোকে এতিয়াৰে পৰা দায়িত্বশীল নাগৰিক। কোনো যাতে অপৰাধ জনিত কামত লিপ্ত নহয়, অনথ্যা আইনৰ ব্যৱস্থা লোৱা হ’ব। অপৰাধ কৰি গ্ৰেপ্তাৰ হ’লে তেওঁলোকে পুনৰ সংস্থাপনৰ সুযোগ হেৰুৱাব বা যি সমূহ সুবিধা লাভ কৰি আছিল তাৰ পৰা বঞ্চিত হ’ব’।

আজি আত্মসমৰ্পণ কৰা উগ্ৰপন্থী সদস্য কেইজনৰ ভিতৰত আলফাৰ ৫০ জন, এন ডি এফ বিৰ ৮ জন, এন এল এফ বিৰ ৩০১ জন, কে এল ওৰ ৬ জন, এন এছ এল এৰ ৮৭ জন, চি পি আই (এম)ৰ এজন আৰু এ ডি এফৰ ১৭৮ জন।

আজিৰ এই কাৰ্যসূচীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি মুখ্য সচিব সঞ্জয় কৃষ্ণ, অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, বিধায়ক ঋতুপৰ্ণ বৰুৱাকে ধৰি আৰক্ষী প্ৰশাসনৰ অন্যান্য বিষয়া সকল উপস্থিত থাকে।