জনতা ভৱনৰ সন্মুখত ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ; পলাশ চাংমাইক আটক

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ৭০টা সংগঠনৰ প্ৰতিবাদত কঁপিল সচিবালয়। ৯ জানুৱাৰিত।

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ চলাই অহা কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে আজি আকস্মিকবাৱে জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনকেইটাৰ কেইবা শতাধিক কৰ্মী আহি আজি সচিবালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়াৰ লগতে বিজেপি গ’ বেক, মোদী গ’ বেক, সৰ্বানন্দ গ’ বেক, সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী ধ্বন দিয়ে। আনহাতে কিছু সংখ্যক প্ৰতিবাদকাৰীয়ে বেৰিকেইড অতিক্ৰম কৰি সচিবালয়ৰ মূল চৌহদলৈ সোমাবলৈ চেষ্টা কৰে যদিও নিৰাপত্তাৰক্ষীয়ে বাধা দিয়ে।

বহু সময় ধৰ্ণা-প্ৰতিবাদেৰে পৰিস্থিতি উত্তাল কৰি ৰাখে প্ৰতিবাদকাৰীসকলে। আনহাতে প্ৰতিবাদকাৰীসকলৰ ৰাজপথৰ ওপৰতে বহি পৰাৰ ফলত যান-বাহন চলাচল ব্যাহত হয়।

প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা আৰক্ষীয়ে শতাধিক প্ৰতিবাদকাৰীক আটক কৰি অন্য ঠাইলৈ লৈ যায়। আৰক্ষীৰ সূত্ৰই জনোৱামতে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইক আটক কৰে আৰক্ষীয়ে ।

ইপিনে প্ৰতিবাদকাৰীসকলেও এক প্ৰকাৰৰ তাণ্ডৱ সৃষ্টি কৰে বুলি জানিব পৰা গৈছে। কিছুসংখ্যক প্ৰতিবাদকাৰীয়ে গণেশগুৰি অঞ্চলত শাক পাচলিৰ বেপাৰীৰ খৰাহি দলিয়াই দিয়াৰ লগতে ট্ৰেফিক লাইটলৈ শিলগুটি দলিয়াই লাইট ভাঙি পেলায় বুলি প্ৰত্যক্ষদৰ্শীয়ে কয়। প্ৰতিবাদৰ ফলত মহানগৰীৰ জি এছ ৰোডত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ।

জানিব পৰামতে, প্ৰশাসনৰ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ জনতা ভৱন ঘেৰাও কৰিবলৈ আহিছিল ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদকাৰীসকল।

প্ৰতিবাদকাৰীসকলে চৰকাৰক সকীয়াই দি কয় যে বিধেয়ক বাতিল নহ’লে ভৱিষ্যতে ইয়াতকৈয়ো অধিক জংগী আন্দোলনৰ মুখামুখি হ’ব লাগিব।