পুনৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে পেহেলগামে। এগৰাকী ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্তৰ জামিন নাকচ কৰিছে আদালতে।
যোৱা এপ্ৰিল মাহত পেহেলগামত এখন হোটেলত সংঘটিত হৈছিল এই ঘটনা। সেই মাহতে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। হোটেলৰ কোঠাত বৃদ্ধাগৰাকীক ধৰ্ষণ কৰাৰ ঘটনা সন্ত্ৰাসবাদী আক্ৰমণৰ মাত্ৰ এসপ্তাহ পূৰ্বে সংঘটিত হৈছিল। শুকুৰবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগৰ আদালতে এই গোচৰৰ অভিযুক্তৰ জামিন আবেদন নাকচ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি বৃদ্ধাগৰাকীয়ে ১১ এপ্ৰিলত পৰিয়ালসহ মহাৰাষ্ট্ৰৰ পৰা পেহেলগামলৈ গৈছিল। ঘটনা সংঘটিত হোৱাৰ দিনা হোটেলৰ কোঠাত অকলে আছিল বৃদ্ধাগৰাকী। সেই সময়ত স্থানীয় যুৱক এজনে কোঠাটোত সোমাই তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে।
ঘটনাৰ পিছত গুৰুতৰ অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে। তেতিয়াৰ পৰাই অভিযুক্ত গৰাকী কাৰাগাৰত বন্দী হৈ আছে। শুকুৰবাৰে তেওঁৰ জামিন আবেদন নাকচ কৰা হয়।অভিযুক্তৰ জামিন নাকচ কৰি মুখ্য অধিবেশন ন্যায়াধীশ তাহিৰ খুৰশ্বিদ ৰাইনাই কয়, ‘প্ৰাথমিক চিকিৎসা প্ৰতিবেদনত ধৰ্ষণৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। এটা পৰ্যটনস্থলী কেৱল পথাৰ, হাবি, পাহাৰ, নদী, খাল আৰু ফোয়াৰা থাকিলেই পৰ্যটনস্থলী হৈ নাযায়। এগৰাকী বৃদ্ধা ‘অতিথি’ হিচাপে ভ্ৰমণ কৰিবলৈ আহিছিল। তথাপিও তেওঁৰ লগত এই অশ্লীল ব্যৱহাৰ কৰা হৈছিল!”