তৃতীয় পৰ্যায়ৰ ৫৪জন প্ৰাৰ্থীৰ ৮ জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

unnamed-750x375-1-1140x570-1-1024x512

অসমত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ এই চাৰিটা লোকসভা সমষ্টিত হ’ব লগা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৫৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

বিজেপি, বিৰোধী কংগ্ৰেছ, এ আই য়ু ডি এফ আৰু মিত্ৰজোঁটৰ অগপ, বিপিএফ তথা নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ আঠজন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ আছে। এ আই ইউ ডি এফৰ দুজন, কংগ্ৰেছ, অগপ, তৃণমূল কংগ্ৰেছ আৰু আৰ পি আইৰ (এ) এজনকৈ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় দুজন প্ৰাৰ্থীৰ বিৰুদ্ধেও অপৰাধজনিত গোচৰ আছে।

আছাম ইলেকশ্যন ৱাটচৰ তথ্য অনুসৰি প্ৰাৰ্থীসকলে শপতনামাত দাখিল কৰা মতে, কোকৰাঝাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে আছে সৰ্বাধিক পাঁচটাকৈ অপৰাধজনিত গোচৰ। প্ৰাক্তন আলফা নেতাগৰাকীৰ বিৰুদ্ধে হত্যা, অপহৰণ, ডকাইতি, অবৈধ অস্ত্ৰ ৰখা আদি ২১টাকৈ ধাৰাত এই গোচৰসমূহ ৰুজু হৈ আছে।

ইপিনে, এ আই য়ু ডি এফৰ মুৰব্বী তথা ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সাতটাকৈ গোচৰ আছে। বৰ্তমানৰ সাংসদগৰাকীৰ বিৰুদ্ধে গোষ্ঠীগত সংঘৰ্ষৰ উচটনি দিয়াৰ দৰে গোচৰো আছে। একেদৰে বৰপেটা সমষ্টিৰ এ আই য়ু ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধেও দুটাকৈ অপৰাধজনিত গোচৰ আছে।

আনহাতে, গুৱাহাটী সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ শৰ্মাৰ বিৰুদ্ধে আছে পাঁচটাকৈ অপৰাধজনিত গোচৰ।

সেইদৰে ধুবুৰী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উত্তম কুমাৰ ৰয়, কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ বিৰুদ্ধেও এটাকৈ গোচৰ পঞ্জীয়ন হৈ আছে।

তথ্য অনুসৰি, গুৱাহাটী সমষ্টিৰ আৰ পি আইৰ (এ) প্ৰাৰ্থী চাদেক আলীৰ বিৰুদ্ধে দুটা আৰু বৰপেটা সমষ্টিৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ বিৰুদ্ধে এটা অপৰাধজনিত গোচৰ ৰুজু হৈ আছে।

উল্লেখ্য যে, উক্ত আঠগৰাকী প্ৰাৰ্থীয়ে শপতনামাত অপৰাধজনিত গোচৰ ৰুজু হৈ থকাৰ কথা ঘোষণা কৰিছে। আনহাতে, নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিলৰ পাছত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈছে।

আৰ টি আই কৰ্মী দুলাল বৰাই বিজেপি প্ৰাৰ্থী কুইন ওজাৰ বিৰুদ্ধে চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ আনি দিছপুৰ থানাত ১০৩৫/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰে। তদুপৰি, নিৰ্দলীয় প্ৰাৰ্থী তথা জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ বিৰুদ্ধেও বিজেপি কাৰ্যালয়ত প্ৰচাৰ চলোৱাৰ অভিযোগত নুনমাটি থানাত শেহতীয়াকৈ এটা গোচৰ ৰুজু হৈছে।